বেশ্যা
বাংলা কবিঃ কাজী নজৰুল ইচলাম
তৰ্জমাঃ ডঃ ইকবাল হোচেইন খান
সাধু-সন্ত নগৰীত মৰিছে বেশ্যা
শেষ হৈছে পাপ,
বেশ্যাৰ মৰাশ নহ’ব সৎকাৰ
এইখন সাধু-সন্তৰ দেশ ।
জীৱন কালত বেশ্যাৰ যে কত কদৰ, মৰিলেই য’ত দায়-দোষ ?
এতিয়া নহ’ব সৎকাৰ
কোৱা-কুৱি কৰে সকলো ।
বেশ্যা তো টাটকা মাল, তহঁতৰ ৰাতিৰ ৰাণী,
দিনৰ ভাগত বেঁকা কৰা ভুঁৰু ?
মৰিলে নিদিয়া এটোপাল পানী !
সাধু-সন্তৰ বেশ ধৰি দেখালা যে কত খেলা,
তহঁতৰ মুখোচ অচিৰেই খুলিব
আহিব তহঁতৰ বেয়া দিন ।
তহঁতৰ বাবে বেশ্যাৰ ঘৰ ৰাতিৰ এন্ধাৰত স্বৰ্গপুৰী,
দিনৰ ভাগত নিচিনা সিহঁতক ?
দেখিলেই লাজত মৰা !
জানো জানো ভাই, সকলো সাধু-সন্তৰ ভিন্ন ৰূপ,
সুযোগ পালেই দৰবেশী বেশ এৰি, কৰে উলংগ নৃত্য!
মাতৃ জাতি নাৰী জাতি বনালে কোনে বেশ্যা ?
ভদ্ৰ সমাজত সৎ মাতৃৰ সন্তানে বনাইছে খদ্দৰ ?
দুখীয়াৰ বোৱাৰীক সহজ-লভ্য বুলি ভাবি, সকলোৱে মাতা ন-বৌ বুলি,
সুযোগ পালেই দিয়া প্ৰস্তাৱ আদিম পাপৰ চানেকী,
স্বামী যেতিয়া মৰে কোলাৰ কেঁচুৱা থৈ,
ভদ্ৰ দেৱৰে সুযোগ লয় সহানুভূতিৰ নামত,
দিন-প্ৰতিদিন এনেকৈ চলে,
নহয় তাতে একো
মৰাশৰ ওপৰত মোল্লাৰ সকলো ৰোষ,
মোল্লা চাহেব নায়েবী ৰচুল ফতোৱা দি কয়,
পতিতা নাৰীৰ জানাজা-কবৰ এই এলেকাত নহ’ব ।
হে মোল্লা মনত পেলাই দিওঁ জানাজাত কেৱল সকলো দোষ
বেশ্যাৰ দান কৰিছা গ্ৰহণ তুমি হে নিৰ্দোষ,
তথাপিও বেশ্যাৰ আছে পাপবোধ নিজকে অপৰাধী বুলি ভাবে,
তোমালোকে দিন-ধৰ্ম বিক্ৰী কৰি হৈছা খোদাৰ খাঁহি ।
আল্লাহৰ ঘৰ মছজিদত আছে বেশ্যাৰ দান-কলিমা পঢ়ি তাই তো নামত হৈছে মুছলমান !
বেশ্যা নাৰী ব্যৱসায়ত নাৰী, সকলো পুৰুষ সত্যবাদী?
জানো মোল্লা চাহাবে নোখোলে মুখ চাকৰি ৰখাৰ স্বাৰ্থত !
আৰু কিমান দিন থাকিবি এই মুখোচধাৰীৰ দল,
আহিব এদিন হাতত জোৰ লৈ ভাঙিবলৈ তহঁতৰ ছদ্নবেশ ।
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment