জীয়ন
ৰতন শদিয়াল
তিনিচুকীয়া
ত্রিভুজৰ তৃতীয় কোণত বৈ চাই আছোঁ জীয়ন সুক্ষ্ম দৃষ্টিৰে পৃষ্ঠা লুটিয়াই কৰি আছোঁ গণিতৰ পাক লগা সমিধান
দুডাল সৰলৰেখাত এটা জীয়ন জীয়ন মানেই জীৱন বুজা-নুবুজা আত্মশ্লাঘা
জীয়নটো পোহৰ আৰু এন্ধাৰৰ উশাহ স্পৰ্শৰ অনেক সমাহাৰ আজি আছো কাইলৈ নাই
গৈ থকা মন। গৈ আছোঁ। পাছে পাছে এজাক বনৰীয়া চৰাই ভাঙিবা পাখি। গজে মৰিবলৈ।
ত্রিভুজৰ তৃতীয় কোণত ৰৈ চাই আছোঁ জীয়ন জীয়নৰ ধুনীয়া তৰংগ চাই আছো বতাহে কোবোৱা পাতৰ সেউজীয়া কঁপনি সমুদ্র নীলা অৰণ্য আৰু হৃদয়ৰ উঠা-নমা।
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment