বুদ্ধৰ দৰে
মনালিছা শইকীয়া
বোকাখাত
সখিয়তী সময়
তোৰ ডেউকাত বান্ধি দিলোঁ
আমাৰ জীৱনৰ দেওলগা ঠিকনা
কোনে জানে কাৰ বুকুত নীৰৱে নিতালে
বৈ থাকে ভালপোৱাৰ অন্তঃসলিলা ফল্গুধাৰা
কেতিয়াবা সময়বোৰ বৰ নিৰৰ্থক যেন লাগে
অন্তহীন যন্ত্ৰণাই সহস্ৰবাৰ আমাক কাতৰ কৰে
হেৰাই যোৱাৰ সীমাহীন ইচ্ছাত ভ্ৰমে দলিচা পাৰে
অজানিতে
বোধ আৰু সম্ভ্ৰমৰ
এজোপা গছে জীৱনক ছাঁ দিয়ে
যেতিয়া হুমুনিয়াহবোৰ
গলি গলি দেৱতাৰ চৰণত সৰে
জ্বলি থকা বন্তিগছিৰ সন্মোহনী ছাঁত
দুখনি হাতে আজলি পাতি পোহৰ বিচাৰে
আচলতে হেৰাই যোৱাৰ প্ৰৱনতাইহে
সোঁৱৰাই দিয়ে দহনৰ সমুদ্ৰসম গভীৰতা
নিজেই নিজক দহন কৰিলেহে
জীৱনৰ প্ৰতি আত্মবিশ্বাস বাঢ়িব
নিজৰ স’তে একাত্ম হোৱাৰ আহ্লাদে
ঢাকি ধৰিব বিষন্নতা আৰু নিসংগতাক
প্ৰসন্নতাই প্ৰসন্নতাক
বৰ সহজে সামৰি ল’ব পাৰে
স্থিতি হেৰুৱাইও জীৱন হৈ পৰে স্থিতপ্ৰজ্ঞ…
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment