য’ত ৰ’দ নাথাকে
কমলেশ্বৰ কলিতা
মোক মোৰ পৰা তুলি আনো বাৰে বাৰে।
এতিয়া পানীৰ সাঁচত সকলো,
য’ত মই নাছিলোঁ কোনোকালে।
মই মোক তুলি আনো বাৰে বাৰে,
নহ’লে মোৰ কাঁচৰ ঋতু ঋতু হৈ নাথাকে
আন্ধাৰে আন্ধাৰে।
Doksiri দকচিৰি, জুন, ২০২৬
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment