কথক বৰাবৰেষু
ঋষভ নাথ
অশ্বত্থামা হত বুলি তুমি চিঞৰাৰ
লগে লগে পেণ্ডুলাম এটা সৰি
বন্ধ হৈ পৰিছিল মোৰ বাওঁ হাতৰ ঘড়ী
হয় হয় জয় তোমাৰেই
ইডেনত তুমি তুলি লোৱা অপেলটো
হাঁহিৰে মোহাৰি কোৱা – ইউৰেকা
তৎক্ষণাত নিউটনৰ দুৱাৰ ফুটা কৰি
মোৰ চকুদুটাত সোমায় এটা মেকুৰী
আৰু যেতিয়া তোমাৰ আঙুলিবোৰে
মুকুটৰ দৰে এটা সোণৰ মূৰ শুৱনি কৰে
তেতিয়া মোৰ পৰি মৰা আলমিৰাৰ আর্চিত
ওপঙি উঠে আত্মবিভোৰ আৰ্কিমিডিছ
আহ কি তীক্ষ্ণ সুৰুঙা সন্ধানী নিব
তোমাৰ শব্দভেদী কলমৰ
মই তোমাৰ পিনে ঢলি পৰোঁ নিমিষতে
আকৌ ঠন ধৰি উঠোঁ তোমাকে ধিয়াই
তোমাৰ ৰ'দ সানি পিন্ধো কাপোৰ-কানি
মোৰ উছাহত ফুলে তোমাৰ পূজাৰ বেলুন
মোৰ আহুকাল হুৰাই আহে তোমাৰ বৰষুণ
তোমাৰ কাগজী জুয়ে উধনীয়াকৈ
মোৰ নাকৰ বায়ু পাই থাকে
আৰু মই ঘটি থাকোঁ তুমি সূতা টনা
ঘটনাবিলাকৰ আখৰে আখৰে
মই নাগৰিক হওঁ তুমি নিৰ্মাণ কৰা ব্ৰজৰ
এবটল নৰ্মদা ঢালি তুমি নৰ্দমা নদী কৰা
আৰু মই পাপ পখালোঁ বাৰিষাৰ ঘাটত
কপালৰ ঘাম দি আহোঁ পাণ্ডাৰ খাটত
নীলাচলৰ দিন ভাঙি তোমাৰ বেলিক
মই চকুলো অৰ্পণ কৰোঁ উজাগৰে ৰাতি
তোমাৰ কাহিনীৰ পাতে পাতে তম্বু তৰি
মই মাহনি নিৰাওঁ মদিৰাত ডুবি জিৰাওঁ
কণা হাঁহৰ পেট ফালি পতান উলিয়াওঁ
মই একলব্য হৈ তোমাক খৰচি-মাৰি পঢ়োঁ
তোমাৰ পদ-ধূলিৰে ৰাস্তাত বিশ্বাস গঢ়োঁ
হয় মোৰ চকুত তুমি ঈশ-অনুগৃহীত সঞ্জয়
সেইবুলি তুমি ভাবি ল’লা নেকি ময়ো অন্ধ
কেতিয়াও কিয় নক’লা– কিন্তু ইতি গজ
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment