নীৰব সাধনাৰে উজ্বলি উঠা সাহিত্যিক দিলীপ কুমাৰ নাথৰ সাহিত্য কৰ্ম আৰু কিছু কথা
কন্দৰ্প কুমাৰ কলিতা
জীৱন কৰ্মবন্ধা । কৰ্মময় জীৱনেই প্ৰকৃত আৰু কাম্য জীৱন বুলি বহু জনে অনুভৱ কৰে। ঈশ্বৰ প্ৰদত্ত কিছুমান গুন আৰু প্ৰতিভাৰ সমন্বয়ত বিভিন্ন জনে সৃজনীশিল মানসিকতাৰে সমাজৰ বাবে আগবঢ়াই অনবদ্য অৰিহনা। আমাৰ সাংবাদিক জীবনত লগ পোৱা তেনে এগৰাকী প্ৰচাৰ বিমুখ কবি সাহিত্যিক তথা এগৰাকী প্ৰজ্ঞাৰ নিৰলস সাধক শ্ৰদ্ধাৰ দিলীপ কুমাৰ নাথ । পেশাত বিজ্ঞানৰ শিক্ষক দিলীপ নাথৰ জন্ম নগাঁও জিলাৰ ধিঙ অঞ্চলৰ এখন সংস্কৃতিবান গাঁও নামডুমডুমীয়া সত্ৰত। সত্ৰ কৃষ্টিৰে জীপাল হৈ থকা পৰিবেশত বৈষ্ণৱ ভক্তি মাৰ্গত দিক্ষিত প্ৰয়াত ভদ্ৰেশ্বৰ নাথ আৰু নয়নী দেৱীৰ কনিষ্ঠ সন্তান দিলীপ কুমাৰ নাথ ধিঙ অঞ্চলৰ ঐতিহ্যমণ্ডিত খৰ্গেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক হৈও শিক্ষাৰ প্ৰতি থকা প্ৰবল ধাউতিৰ বাবে কলাশাখাত স্নাতকোত্তৰ আৰু শিক্ষাত স্নাতক উপাধি গ্ৰহন কৰিছিল। এই গৰাকী নীৰব প্ৰজ্ঞা সাধকৰ কাপ কলমেৰে ইতিমধ্যে অলেখ কবিতা, গীত, নিবন্ধ নিগৰি নিজৰি ওলাইছে। বিভিন্ন কাকত আলোচনীৰ পাতত বহু উৎকৃষ্ট মানৰ লেখা প্ৰকাশ পাইছে। প্ৰবল দেশাত্ম বোধ, সাংস্কৃতিক চিন্তা চেতনা আৰু বহু সময়ত চৌপাশৰ ঘটনা প্ৰবাহক আধাৰ হিচাপে লৈ দিলীপ নাথ ছাৰে নিজৰ কলম আগবঢ়াই নিছে। ২০১০ চনত প্ৰকাশিত "যুগান্তৰ" নামৰ এখনি সামাজিক উপন্যাসৰ জৰিয়তে ৰুচি সন্মত পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ কাহিনীভাগ সনাতন হিন্দু ধৰ্মৰ দৰ্শন আৰু আদৰ্শগত তথ্যৰ ভিত্তিত প্ৰতিষ্ঠিত ।সেইবাবেএইখন উপন্যাসক সামাজিক দলিল বুলি অভিহিত কৰিব পাৰি। কপিলীপৰীয়া এজনী ছোৱালীৰ জীৱন সংগ্ৰামৰ আধাৰত ৰছিত "কপিলীপাৰৰ নীলিমাজনী" তেখেতৰ অন্যতম কালজয়ী অসমীয়া উপন্যাস বুলি অভিহিত কৰিব পাৰি । ২০১২ চনত "সেউজ সুবাস" নামৰ প্ৰথম খনি কাব্য সংকলন খনি প্ৰকাশ পোৱাৰ পিছত ২০১৬ চনত "শুকান বালিৰ শেৱালি"--নামৰ দ্বিতীয় খনি কাব্য সংকলন আৰু "সন্ধিয়াৰ সাধু" আৰু "অজলা ককাৰ সাধু"--নামৰ শিশু উপযোগী কাহিনী গ্ৰন্থ প্ৰকাশিত হয় । শিক্ষা তত্বৰ গভীৰ জ্ঞান প্ৰজ্ঞাৰ সাধনাৰ ফলশ্ৰুতিত তেখেতৰ কাপ কলমেৰে নিগৰি নিজৰে ওলাইছে জ্ঞান সাধনাৰ অন্যতম বহিঃপ্ৰকাশ "শিক্ষাৰ প্ৰয়োজনীয়তা"--শীৰ্ষক এখন তথ্য সমৃদ্ধ গ্ৰন্থ। "কৃষ্ণ কথা অমৃতম" তেখেতৰ এখন গৱেষণালব্ধ তত্বমূলক গ্ৰন্থ। তেখেতৰ প্ৰকাশিত আন এখনি কাব্য সংকলন হৈছে "দিগন্তৰ দিঙৰা" । ২০১৯ বৰ্ষৰ ফেব্ৰুৱাৰীত নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত ৰহাত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বিশেষ অধিবেশনত উল্লিখিত গ্ৰন্থ খন উন্মোচন কৰা হৈছিল । প্ৰবল দেশাত্মবোধৰ চিন্তা চৰ্চা,সাংস্কৃতিক জাতীয়তাবাদ আৰু প্ৰকৃতিপ্ৰেমৰ বিষয় বস্তু দিলীপ নাথ ছাৰৰ কবিতাৰ মূল প্ৰতীক আৰু চিত্ৰকল্প বুলিব পাৰি। আধ্যাত্মিকতাৰ চিত্ৰকল্পই মাজে মাজে দিলীপ নাথ ছাৰৰ কবিতাত ভূমূকি মাৰে। তেখেতৰ নিজাকৈ সম্পাদিত গ্ৰন্থ কেইখন হ'ল -----(১) "সত্ৰ প্ৰবাহ" (স্মৃতিগ্ৰন্থ) (২) ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ স্মৃতিগ্ৰন্থ "কেবিয়ান"(৩) পদ্মাঞ্জলি (স্মৃতিগ্ৰন্থ) আৰু (৪)"আকাশ"কাব্যগ্ৰন্থ আৰু ( ৫) ৰূপালী প্ৰজ্ঞা সম্পাদনা কৰি সাহিত্য ক্ষেত্ৰত অনবদ্য অবদান আগবঢ়াইছে । প্ৰকাশৰ পথত থকা তেখেতৰ আন তিনিখন উল্লেখনীয় গ্ৰন্থ হ'ল " মইনা পেহীৰ সাধু" , " বিখ্যাত বিজ্ঞানীৰ বিচিত্ৰ কথা" আৰু " ৰামকথা অমৃতম " । নিজৰ জীৱন বৃত্তক স্পৰ্শকৰ স্পৰ্শৰ দৃষ্টিৰে গ্ৰহন কৰি লৈ এখন আত্মজীৱনীমূলক গ্ৰন্থও লিখি আছে দিলীপ কুমাৰ নাথে। তদুপৰি নিয়মীয়াবাৰ্তা ,অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি আৰু অসম প্ৰকাশন পৰিষদৰ আলোচনী "মুকুতা" ত দিলীপ নাথৰ বহু মূল্যবান লেখা প্ৰকাশিত হৈছে। ১৯৮৫ চনৰ ৫ আগষ্টত নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞাৰ স্নাতক ( অৰ্নাচ ---ৰসায়ন বিজ্ঞান) শিক্ষক হিচাপে চৰকাৰীভাৱে শিক্ষকতাৰ কৰ্তব্যত যোগদান কৰি ৩১ মাৰ্চ ২০২৩ চনত উক্ত বিদ্যালয়ৰ পৰা উপাধ্যক্ষ হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ শিক্ষকতাৰ সমান্ত ৰালভাৱে সাহিত্য চৰ্চা অব্যাহত ৰাখি দিলীপ নাথ ছাৰে নিজৰ সতি সন্ততি সকলক উপযুক্ত শিক্ষাৰে সু শিক্ষিত কৰাৰ লগতে সু-সংস্কৃত সংস্কাৰৰ জৰিয়তে যথোপ যুক্ত স্থানত সংস্থাপিত কৰিবলৈও সক্ষম হৈছে। তেখেত সামাজিক ভাবেও দায়বদ্ধ ব্যক্তি সত্বাৰ পৰিচয় পোৱা যায় সামাজিক ক্ষেত্ৰখনত থকা তেখেতৰ গুণৰাজিৰ পৰা। ধিং শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰতিষ্ঠাপক , নামঘৰৰ নামাচাৰ্য্য, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জিলা বৌদ্ধিক প্ৰমুখ হিচাপে কৰ্মসম্পাদন আৰু সংঘৰ শীতকালীন শিবিৰ , গুৰুদক্ষিনা উৎসৱ , বৰ্ষাপ্ৰতিপদা উৎসৱ, অখণ্ড ভাৰত স্মৃতি দিৱস , ব্যক্তিত্ব বিকাশ শিবিৰ আদিত উপস্থিত হৈ প্ৰৱাসত থাকি উপস্থিত ৰাইজক দেশ সেৱা কামৰ বাবে প্ৰেৰণা দিয়া , অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ধিং শাখাৰ সভাপতি, একল বিদ্যালয় বটদ্ৰৱা সঞ্চৰ সম্পাদক, নগাঁও জিলা কবি সন্মিলনৰ সভাপতি, নগাঁও জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য, অসম সাহিত্য সভা, সদৌ অসম কবি সন্মিলন, শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতি, পাটেকীবড়ি থান পৰিচালনা সমিতিৰ আজীৱন সদস্য হিচাপে সামাজিক সাংস্কৃতিক দায়িত্ব পালন কৰি আহিছে। ২০১৬ চনত নাথ ডাঙৰীয়া মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী শঙ্কৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি হিচাপে চৰকাৰীভাৱে আগবঢ়োৱা দায়িত্ব নিষ্ঠাৰে পালন কৰি বিদ্যালয় খনৰ শিক্ষা সভ্যতা উত্তৰণৰ বাবে কিছু দায়বদ্ধ পদক্ষেপ গ্ৰহন কৰিছিল। সাহিত্য চৰ্চাৰ বাবে সাধনা লাগে। একাগ্ৰ নিষ্ঠাৰে কৰি অহা সাধনাৰ ফলত সৃষ্টি হয় অনুপম সাহিত্য শিল্পৰ। এনে ক্ষেত্ৰত এইগৰাকী নীৰব তথা প্ৰচাৰ বিমুখ সাহিত্যকৰ্মীয়ে ইতিমধ্যে নগাঁও জিলা সাহিত্য সভা আৰু ধিং আঞ্চলিক কবি সন্মিলনৰ জৰিয়তে সাহিত্য চৰ্চাৰ পৰিবেশ জীপাল কৰি ৰখাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। আমিও আশাবাদী দিলীপ নাথ ছাৰৰ সাহিত্য শিল্পৰ শব্দ মাধুৰ্য্যই বৰলুইতৰ দুয়োপাৰে সেউজ সুবাস বিলাওক। তাৰেই শুভকামনাৰে
Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫

No comments:
Post a Comment