মৃত্যু
বাংলা কবিঃ আহচান হাবীব
তৰ্জমাঃ ড° ইকবাল হোচেইন খান
কিছু মৃত্যু আহি দি যায় নতুন স্বাক্ষৰ।
এই মৃত্যু দি যায় জীৱনৰ মুক্ত পৰিসৰ।
ক্ষণস্থায়ী জীৱনৰ এই মৃত্যু কৰে সংস্কাৰমুক্ত।
দুৰ্বল মনত সেই দিনত এই মৃত্যু লৈ আহে নিৰ্ভীকতা।
ভাল পায় এই মৃত্যু হানে চৰম আঘাত।
কিছু মৃত্যু আহি আঘাত হানে উজাগৰ নগৰীত,
প্ৰতি ঘৰে ঘৰে দি যায় জীৱনৰ উন্মাদনা,
থৈ যায় পদচিহ্ন। চেতনাৰ অনিৰ্বাণ দহন
জ্বলাই দিয়ে বুকুত, জাগে কিছু নতুন প্ৰৱাহ —
ভাহি যায় সেই প্ৰৱাহ একক ক্ষণস্থায়ী জীৱনত
কঠিন চৰম বাধা।
এটা সপোন সহস্ৰ জীৱনৰ।
এই মৃত্যুৰ বাটে বাটে আগবাঢ়ে মৃত্যুহীন নাম,
সংঘৱদ্ধ জীবৱন এই মৃত্যু দি যায় মুক্তিপ্ৰাণৰ কঠিন সংগ্ৰাম।
দূৰন্ত প্ৰাণবন্ত দিনত দেখা দিয়ে উচ্চ শিখৰত।
ইমানপৰ নিৰ্ভীক নতুন
প্ৰত্যয় প্ৰতিজ্ঞাৰ এক সূৰ্য আকুণ্ঠ আত্মাৰ
বহ্নিমান হৈ উঠে অৱৰুদ্ধ আকাশৰ মাজত।
Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫

No comments:
Post a Comment