কবিতা
যতীন মিলি
এটা শীৰ্ণ নৈঃশব্দ আৰু
এটা অশান্তিময় তুফানে উদ্ভৱ কৰিলে
এটা বিষণ্ণ অধ্যায়।
বিয়লিৰ ম্লানময়ী সূৰ্যটো আগত লৈ লিখো
জীৱনৰ নিঃস্ব কবিতা
কৌমাৰৰ কৌমুদী হেৰুৱাৰ শংকাত
এটা উন্মত্ত ডঁৰিকণাৰ দৰে ঊধাতু খাওঁ
স্বস্তিৰ দীৰ্ঘ নিশ্বাস এৰিব লওঁতেই
বন্দী হওঁ অক্টোপাছৰ মায়াবী জালত
পানী যুঁৱলিত বিকট শব্দৰ ধ্বনি-প্ৰতিধ্বনি
শ্লথ-মন্থৰ গতি স্বয়ংক্ৰিয়ভাৱে
কালগ্ৰস্ত মৃদু অনুৰণন চৌদিশ
এক নতুন কৰ্মোদ্দীপনাৰ ঊৰ্ধশ্বাসত
বিষধৰৰ অস্থি-চৰ্মৰ ওপৰেদি কেনেকৈনো পাৰ হৈ গ'ল
বিশ্বাস ঘনীভূত শৈলময় নিৰ্মল বাতাবৰণ
একোকো ধৰিবই নোৱাৰিলোঁ !
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment