সময়
অনুস্মিতা ফুকন
পাগুলিয়াই পাগুলিয়াই পান কৰি থকা কথাবোৰে
কেতিয়াবা এটা বিন্দুত আহি
থমকি ৰয়
সেমেকি যোৱা অতীতে
সেই বিন্দুতেই ক্ষন্তেক মূৰ দাঙি চায়।
সময়ে দি যোৱা
গুলপীয়া ওঁঠৰ হাঁহিবোৰ সঁচা আছিল
দূৱৰিৰ ওপৰত জিলিকি ৰোৱা নিয়ৰৰ টোপালবোৰো
সোণৰ দৰেই উজ্জ্বল আছিল।
হঠাৎ,
দেৱালত উলমি থকা কেলেণ্ডাৰখন সুলকি পৰাৰ লগে লগে
কথাবোৰ কাহিনীযেন লগা হ’ল
শব্দবোৰ সপোনৰ দৰাকইনাৰ খেল হৈ ৰ’ল !
সময়
বৰ জীৱন্ত,
বৰ স্বচ্ছ...
পাহৰিম বুলিও স্মৃতি হৈ
মনত টোকৰ মাৰে
আলফুলে সাৱতিব লওঁতেই
হুমুনিয়াহ হৈ নিগৰে...
সময়,
জীৱন মৰিচিকাৰ দৰে
নিঃশব্দে
মাথোঁ
আশাৰ নদীখনত
সাতুঁৰি থাকে।
Doksiri দকচিৰি, আগষ্ট, ২০২৫


No comments:
Post a Comment