এৰা-এৰি
ইলামণি শইকীয়া
এতিয়া আমাৰ প্ৰেমৰ ভৰপক
ব’লা এতিয়াই আমি বিচ্ছেদৰ কথা পাতোঁ
কালিলৈ আমাৰ মিলন হ’ব (যদি হয়)
পৰহিলৈ প্ৰেমবোৰ চিনাকি বিচনাখন
সদাই লোৱা নিজৰ টাৱেলখনৰ দৰে
মাত্ৰ এক অভ্যস্ত অভ্যাস হৈ পৰিব
সম্পৰ্কৰ ঘূণবোৰ চুবুৰীৰ মুখৰোচক খবৰ হৈ
ইঘৰ-সিঘৰৰ পদুলি শুঙি ফুৰিব
তাৰ পাছত বিচ্ছেদলৈ কেতপৰ!
প্ৰেমৰ সামৰণেৰে ঘৃণাময় এৰা-এৰিতকৈ
ব’লা প্ৰেমৰ ভৰপকতে
আমি আঁতৰি যাওঁ
আৰু ওৰে জীৱন এজনে-আনজনক বুকুত ধাৰণ কৰোঁ
জীৱনে উশাহক কৰাৰ দৰে…
Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫


No comments:
Post a Comment