ভো ভো সভাসদ সাধুজন
গাৰ্গী ভূঞা
দৰঙ্গীচুক, যোৰহাট
বাটচ’ৰাৰে সোমাই অহা সুখবোৰ, দুখবোৰ
মহতা জ্বলাই আদৰিছিলোঁ।
ভো ভো সভাসদ সাধুজন…!
গাঁঠি খোলা হৈছিল এখন ভাওনাৰ...
বকতা বিলাই থকা সময়ৰ কথা...
মই নিজকে নৃত্য-বাদ্যবিশাৰদ,
সুগায়ক
সুনিপুণ অভিনেতা, পৰিচালক বুলি
কোনোদিন ভবা নাছিলোঁ।
যা হওক, মূৰত বগা পাগ
সূত্ৰধাৰৰ কৰ্ম
নমঃ ভগৱন্ত বুলি নান্দীশ্লোক মাতিছিলোঁ
অগ্নিগড়েৰে সোমাই আহিছিল
বিশেষ চৰিত্ৰবোৰ
কিছু চিনাকি
কিছু অচিনাকি হ’লেও চিনাকি
যিহেতু মই সূত্ৰধাৰ
নটুৱাৰ গানৰ পৰা
কল্যাণ খৰমানলৈ মোৰ দায়িত্বত
সেই নিৰ্দিষ্ট ভাওনাখনৰ মই সূত্ৰধাৰ আছিলোঁ
গন্ধোৎসৱৰ সন্ধ্যালৈ কিছুমান চৰিত্ৰ যিদৰে মোৰ অচিনাকি আছিল
কিছুমান দৰ্শকো মোৰ অপৰিচিত আছিল
অতি আথেবেথে বহি আছিল হিৰণ্যকশিপু
উত্তৰ ফালৰ মূল খুঁটাৰ কাষত
আৰু ৰঙ্গমঞ্চত নাট চলি আছিল
নৃসিংহ মুৰাৰি...
Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫

No comments:
Post a Comment