মইও এদিন জনপ্রিয় হ’ম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, August 1, 2025

মইও এদিন জনপ্রিয় হ’ম

 


মইও এদিন জনপ্রিয় হ’ম


জয়া বৰি


এৰাহ! মন যায়.....


দৌৰি দৌৰি ভিডিঅ’ বনাম গোটেই শৰীৰত মেকাপ সজাম 

কেঁচাই কেঁচাই মাংস খাম 

ভুলে-শুদ্ধই গীত গাম 

কোনোবাই ক’ব মোহময়ী 

কোনোবাই ক’ব হৃদয়স্পর্শী 

কোনোবাই ক’ব স্বার্থলোভী 

কোনোবাই ক’ব নর্তকী 

আন কোনোবাই এলাগী 

তথাপিও সমালোচনা লৈ আগুৱাই যাম এদিন মইও জনপ্রিয় হ’ম।


কেমেৰাৰ সন্মুখত সংস্কৃতিৰ পূজাৰী... 

বিচাৰক হৈ ভাষ্য দিম,

নিজক পাহৰি আনক আদৰিম 

বিদেশী বস্ত্ৰৰে স্বদেশৰ গুণ গাম 

সকলোৱে ক’ব বাঃবাঃ 

বুজাব নোৱাৰিম কিমান যে ভাল লাগিব, আগলৈ চাই আগুৱাই যাম 

মইও এদিন জনপ্রিয় হ’ম।


নিৰক্ষৰ দৰে বহু কথা কম 

কথাত গুৰুত্ব কমিলেও কাপোৰত পাম 

লাখ লাখ ভিউজ আহিব, আহিব কমেন্ট গালি বাঢ়িলে গাওঁলৈ যাম 

গাওঁৰ পৰিৱেশ দেখাই আবেগিক কৰিম অলপ নিজক লৈ গৰ্বেৰে সপোন ৰচিম

সামাজিক মাধ্যমৰ জৰিয়তে সংসাৰ চলাম বাৰ্তানো কিহৰ বাবে… ?


নিজৰ যি ভাল লাগে সেয়াই কৰিম 

কেৱল টকা লাগে পইচাই পইচা ঘটিম 

মইও এদিন জনপ্রিয় হ’ম।


বিয়াত চাহ-ভাতৰ সলনি

Bear খাম

জেতুকাৰে সলনি মেহেণ্ডী লগাম

চাদৰ-মেখেলানো আজিকালি কোনে পিন্ধে outdated..!

মডার্ণ হয় ভাই ! নতুনক আদৰিম

বিহুৰ ঠাইত তাণ্ডৱ কৰিম 

পুৰণিক পাহৰি Romance কৰিম 

এদিন মইও জনপ্রিয় হ’ম


কেতিয়াবা অসুখ হব লাইভ আহিম 

কিঞ্চিৎ অহংকাৰ পাহৰি ভদ্ৰ হৈ সহায় বিচাৰিম 

ঘৰিয়ালৰ চকুলো টুকি খুব কান্দিম….

হাজাৰ জনে ক'ব হাজাৰটা কথা তথাপিও আগুৱাই যাম! 

দুই এটা page খুলিম হকে-বিহকে post কৰিম 

তর্ক-যুক্তিত বিতর্ক 

কৰ্মস্থলী এৰি কণ্টেইন বিচাৰিম 

সৰলতা এৰি অশ্লীলতাক ধৰিম আলোচনাত-সমালোচনা কৰি ৰাজনীতি কৰিম 

নিৰপেক্ষ হৈ মহানতা দেখুৱাৰ কি প্ৰয়োজন? 

দৈত্য দানৱৰ দৰে আচৰণ কৰিম

কেতিয়াবা নিউজৰ সন্মুখত দই এটা ফটকা ফটাম

গ্লেমাৰ হ’ব পাৰিলেই হ’ল

চিনাকি দিম Younger.... !

মইও এদিন জনপ্রিয় হ’ম।


Doksiri দকচিৰি, আগষ্ট, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages