বিভ্ৰম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, August 1, 2025

বিভ্ৰম

 


বিভ্ৰম


            সঞ্জীৱ সাগৰ চৌধুৰী


আকাশৰ হাতবাউল নেউচি

প্ৰতিনিয়ত টুকুৰিয়াও

তোমাৰ খিড়িকীত


তোমাৰ ঘৰত দুৱাৰ নাই

ময়ো বতাহহে

নৈ নহয়

হুমুনিয়াহহে এঙামুৰি নহয়


জোনটোৱে চাই থাকে

চোতালৰ কাকিনি তামোলত উঠি

নিশাচৰ চৰাইৰ আয়োজন


খিড়িকি খুলি তুমি

দুচকুত মেলি দিয়া দুটা জোনাকী


আচলতে মই আজিও নেজানিলো


মই প্ৰতিনিশা টুকুৰিয়াই থকা

খিড়িকীখন যে

আচলতে খিড়িকি নহয়


তোমাৰ বুকুৰ দুৱাৰহে….


Doksiri দকচিৰি, আগষ্ট, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages