মিচিং স্বায়ত্ত শাসন আৰু ৰাজনীতি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, August 1, 2025

মিচিং স্বায়ত্ত শাসন আৰু ৰাজনীতি

 

মিচিং স্বায়ত্ত শাসন আৰু ৰাজনীতি


জাতিৰাম কমান


      স্বায়ত্ত শাসনৰ ধাৰণাটো নতুন নহয়। ই পূৰ্বৰে পৰা চলি অহা স্থানীয় শাসন ব্যৱস্থা। পঞ্চায়তীৰাজ, নগৰ নিগম তথা পৌৰসভাও এক ধৰণৰ স্থানীয় স্বায়ত্তশাসন ব্যৱস্থা। ঠিক একেদৰে অসম চৰকাৰে প্ৰদান কৰা জনজাতীয় স্বায়ত্ত শাসন ব্যৱস্থাও স্থানীয় স্বায়ত্ত শাসন কিন্তু এয়া সেই সেই জনজাতীয় অধ্যুষিত অঞ্চলতহে প্ৰযোজ্য হয়। হ’লেও সেই সেই জনজাতীয় এলেকাত অজনজাতি লোক যেনে - অমিচিং, অবড়ো, অৰাভা, অকাৰ্বি আদি মানুহো থাকে তেন্তে তেওঁবিলাকো স্বায়ত্ত শাসনে প্ৰদান কৰা আৰ্থ সামাজিক সুবিধা লাভ কৰিব পাৰিব আৰু কৰিও আহিছে। কিন্তু হ’লেও বহু জনগোষ্ঠীৰ লোকে জনজাতীয় স্বায়ত্তশাসনৰ সীমাৰ ভিতৰত থাকি সেই সেই স্বায়ত্ত শাসিত এলেকাৰ অধীন হ’ব নােখোজে। কাজেই, সীমা নিৰ্ধাৰণত সীমা বিবাদ আদিৰ সৃষ্টি হয়।

   বিটিচিৰ বাদে বৰ্তমানে চলি থকা স্বায়ত্ত শাসিত পৰিষদ সমূহ ৰাজ্য চৰকাৰৰ অধীনত প্ৰচলিত শাসন ব্যৱস্থাৰ লেখিয়া, ঠিক গাওঁ পঞ্চায়ত তথা জিলা পৰিষদৰ দৰে। এয়া কেৱলমাত্ৰ জনজাতীয় এলেকাভুক্ত অঞ্চলতহে প্ৰযোজ্য হয়। এতিয়াৰ স্বায়ত্ত শাসনে যিকোনো উন্নয়ণ মূলক কাম তথা অন্য পৰিকল্পনাৰ বাবে ৰাজ্য চৰকাৰৰ মুখলৈ চাই থাকিব লগা হয়। অৰ্থাৎ চলিত চৰকাৰখনৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰি চলিব লগা হয়। কাজেই, স্বাধিকাৰ তথা পূৰ্ণ স্বায়ত্ত শাসনৰ বাবে পৰিষদীয় এলেকা, ষষ্ট অনুসূচীভুক্ত হ’ব লাগিব। সংবিধানে প্ৰদান কৰা সেই ষষ্ট অনুসূচী বা চিক্সথ স্চ্যিডুলনো কি?

  ভাৰতীয় সংবিধানে উত্তৰ পূৰ্বাঞ্চলৰ অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম আদি ৰাজ্যসমূহৰ অট’নমাচ কাউন্সিল সমূহত বিধায়িনী, ন্যায় পালিকা আৰু কাৰ্য্য পালিকাৰ লগতে অৰ্থনৈতিক ক্ষমতা স্বায়ত্ত পৰিষদক কেন্দ্ৰই প্ৰদান কৰাৰ বিধান আছে। অট’নমাচ ডিষ্ট্ৰিক্ট আৰু অট’নমাচ ৰিজিয়নৰ আউতিত সেই সেই জনজাতীয় এলেকাৰ প্ৰশাসন যন্ত্ৰ ৰাজ্যপালৰ দ্বাৰা নিৰ্ধাৰিত হ’ব। গতিকে, দেখা যায় যে চিক্স চ্সিড্যুল অথবা ষষ্ট অনুসূচীৰ অধীনত অট'নমাচ কাউন্সিলটো আনিব পাৰিলে প্ৰশাসনিক তথা অৰ্থনৈতিক অধিকাৰ পাব বুলিয়েই এতিয়া জনজাতীয় ভূমিপুত্ৰ সকলে সংগ্ৰাম কৰি আহিছে। চৰকাৰে প্ৰদান কৰা অট’নমিয়ে মিচিং ৰাইজক কিমান উপকাৰ কৰিছে বা নকৰিছে সেয়া থাউকতে মতামত দিব পৰা নাযায়। কাৰণ, আমি এম এ চি’ৰ আও ভাও একোকে গম নাপাওঁ, নাড়ী ভূৰু একোৱেই চিনি নাপাওঁ। পৰিষদৰ গেটখন দেখাৰ বাদে এম এ চি’ৰ ভিতৰ চ’ৰাৰ সম্বন্ধে আমাৰ জ্ঞান শূন্য।

  অসমৰ জনজাতি সকলক উপগ্ৰহীয় (satellite) স্বায়ত্ত শাসনৰ ব্যৱস্থাটো প্ৰথমে হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত কংগ্ৰেছ শাসিত চৰকাৰে স্বীকৃতি প্ৰদান কৰে ১৯৯৫ চনত। তাৰ পৰৱৰ্তী কালচোৱাত সেই একেখন কংগ্ৰেছ চৰকাৰ অৰ্থাৎ তৰুন গগৈ নেতৃত্বাধীন চৰকাৰখনৰ সদিচ্ছাতহে মিচিং জাতীয় সংগঠনৰ কাৰ্যকৰ্তা সকলে এম এ চি খন দখল কৰিবলৈ সক্ষম হয়। অৰ্থাৎ স্বাযত্ত শাসন প্ৰদান কৰাৰ দাবীতো এশ শতাংশই কংগ্ৰেছ দলে দাবী কৰিব পাৰে। কিন্তু কাৰ্যক্ষেত্ৰত ওলোটাহে দেখা গৈছে! মিচিং জাতীয় সংগঠন সমূহে কংগ্ৰেছকহে গালি পৰা দেখা গৈছে! কি আচৰিত কাণ্ড! কালৰো কাল, বিপৰীত কাল; হৰিণাই চেলেকে বাঘৰ গাল। অৱশ্যে এয়া ৰাজনৈতিক এজেণ্ডাৰ কথা। ডাঃ ৰনোজ পেগু আৰু বিধায়ক ভুবন পেগু বিজেপিৰ মন্ত্ৰী বিধায়ক যেতিয়া কংগ্ৰেছৰ বিপৰীত মেৰুত অৱস্থান কৰাতোত আচৰিত হ’ব লগা একো কথা নাই। মিচিং ৰাইজে এই হালক মিচিঙৰ অভিভাৱক, হৰ্তা, কৰ্তা বিধাতা বুলি ভাবিছে যেতিয়া আমাৰ ক’ব লগা একো নাই। এয়া ৰাজনৈতিক কথা।

  এতিয়া আহোঁ ৰাজনীতিয়ে চুই যোৱা অৰাজনৈতিক কথালৈ। আমি পূৰ্বৰে পৰাই আগ্ৰহ কৰি আহিছোঁ যে সংগঠন সমূহ সদায়েই অৰাজনৈতিক হব লাগে। কাৰণ কোনো সমাজ ব্যৱস্থা কেৱল মাত্ৰ এটা ৰাজনৈতিক মতাদৰ্শত নচলে। একেখন সমাজত ভিন্ন ৰাজনৈতিক মতাদৰ্শৰ মানুহ থাকে। কাজেই, অকল এটা ৰাজনৈতিক দলৰ ছত্ৰছাঁয়াত সামাজিক গোটবোৰ পৰিচালিত হলে বৈষম্য তথা সংঘাতৰ সৃষ্টি হয়।

    এতিয়া আহোঁ আচল কথালৈ। মিচিং সকলৰ এতিয়া ছটা সংগঠন আছে যাক জাতীয় সংগঠন বুলি স্থাৱক শ্ৰেনীয়ে অভিহিত কৰি আহিছে। সেই সংগঠন সমূহ হ’ল- MBK, MAK, MDK, TMPK, TMMK, MMK. বাকী মিচিং জ্যেষ্ঠ নাগৰিক সন্থা এটাও আছে, মিচিং সকলে জাতীয় সংগঠন বুলি ভাৱে নে নাভাৱে এয়া ক’ব পৰা নাযায়। তাৰোপৰি মিচিঙৰ বিভিন্ন খেলৰ/বংশৰ মিচিং অপৃন সমূহ। মাজতে মিচিং জাষ্টিছ ফ’ৰাম বুলি এটা সংগঠন এটা ওলাইছিল কিন্তু TMPKৰ লগত সংঘাত হোৱা বুলি শুনিছিলোঁ। এতিয়া সক্ৰিয় আছে নে নিষ্ক্ৰিয় আছে জনা নাযায়।

   মিচিং ছয় সংগঠন সমূহে কাৰ আঙুলিৰ ঠাঁৰত চলে এয়া নামে ধামে নতুনকৈ কবলৈ নাযাওঁ। মিচিঙৰ কাৰণে যুঁজিব পাৰিছে যেতিয়া, মিচিঙৰ কাৰণে কৰিব পাৰিছে যেতিয়া মিচিং সংগঠন সমূহ তেওঁবিলাকৰ বাপতি সাহোন স্বৰূপ। তাত বেলেগে মাত মাতি গাত চোৰাট পাত সানিব নালাগে।

    আমি বহুদিনে মিচিং সংগঠন সমূহৰ গতি বিধি লক্ষ্য কৰি গম পাইছোঁ যে বহু মিচিং সুধী সমাজে বাজে বাজে চালে বেৰে কোবাই আছে কথাবোৰ। কোনেও সমুখ সমৰত থিয় দি যুঁজা দেখা পোৱা নাই। নাম নকওঁ।কিন্তু মিচিঙৰ নেতৃত্ব লোৱা বুলি দাবী কৰা মন্ত্ৰী এমেলে হালেই মিচিং জাতীয় সংগঠন সমূহৰ সভা সমিতি সমূহত ভকত সাতোলাৰ ভূমিকা লয়। আৰু মিচিং গঞা ৰাইজে সদল বলে, জাক জমকতাৰে যোগদান কৰা দেখা পোৱা যায়। এয়া অপ্ৰিয় সত্য। চকুৰে দেখা কথা মানিবই লাগিব। এতিয়াও আমাৰ বহু মিচিং ভিতৰুৱা অঞ্চল আছে যিবোৰ অঞ্চলৰ গঞাই অকল মিচিং সংগঠন যেনে- TMPK MAK আদিৰ কথাহে জানে। এয়া ৰাইজৰ সংগঠনটোৰ প্ৰতি অহৈতুকী প্ৰীতি নে নেতৃত্বৰ প্ৰতি আস্থাশীল?বুজিব পৰা নাযায়। নেতৃত্বৰ অনুগত নহলেও কিন্তু জাতীয় সংগঠন কেইটিৰ প্ৰতি শ্ৰদ্ধাশীল। আৰু ৰাইজৰ এই আবেগকে মূলধন কৰি অৱশ্যেই ৰাজনীতি চেকাত সফল হৈছে বুলি কব পৰা যায় নেতৃত্বত থকা মিচিং জনগোষ্ঠীয় নেতাদ্বয়।

    মিচিঙসকলে আগতে মিচিং প্ৰতিনিধি লাগে, মিচিং বিধায়ক লাগে বুলি চিঞৰিছিল, কিন্তু মিচিং বিধায়কক লগ ভাগ কৰিবলৈ সুবিধাকনেই চোন নাপায়? অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক হয়তু বিচাৰিলে লগ পাব কিন্তু বিধায়ক ভুবন গামক দেখা কৰিবলৈ ধূপ চাকি জ্বলাই যাব লগা অৱস্থা। তেনে অৱস্থাত মিচিং মিচিং কৰি মিচিং বিধায়ক বিচৰাৰ কিবা সকাম আছে জানো?

    আমাৰ কথা হ’ল - য’ত যেনেকৈ যিদৰে চলি আছে চলি থাকিবলৈ দিয়ক। মুখামুখি হৈ তুমুল প্ৰতিবাদ কৰিব নোৱাৰিলে,আন্দোলন কৰিব নোৱাৰিলে, চালে বেৰে কোবাই মূৰ ঘোলা কৰাৰ সকাম নাই।

    ছয় সংগঠনৰ মুৰব্বী সকলে ৰি:বি গাছেং অঁৰা মঞ্চত মিবু গালুক পিন্ধি, ৰি:বি গাচেং পিন্ধি, ডিঙিত অৗৰকগ মেৰিয়াই লৈ বহি থকা দৃশ্য তলৰ পৰা ডিঙি মেলি চাই চাই আমি নিজকে কিমান কৃতাৰ্থ মানো!কিমান ভাল লাগে! গাঁৱৰ ডেকা গাভৰু, মুনিহ তিৰোতা, বোৱাৰী ছোৱালীয়ে জাতীয় সংগঠনৰ সভা সমূহত কিমান যে ভিৰ কৰেহি! এয়‍া ভালহে কথা। অসমৰ বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰু সমন্বিতে ট্ৰাইবেল নেতা আদিত্য খাকলাৰীয়ে যুৱ মহোৎসৱত কোৱা নাছিল জানো - মিচিং ছাত্ৰ সংগঠন শৃংখলিত সংগঠন আৰু অনুশাসনত চলা সংগঠন। TMPK ৰ disciplene দেখি অতিথি সকলে তবধ মানিলে। এয়া সুখৰ বতৰা। বিনা ৰক্ত ক্ষয়েৰে, কোনো সংঘাত নোহোৱাকৈ sixth schedule যদি পায় ইয়াতকৈ বেছি আৰু কি সুখৰ কথা থাকিব পাৰে? শান্তি সম্প্ৰীতি বজাই ৰাখি, শৃংখলা বজাই ৰাখি যদি মিচিং ৰাইজে চিক্স চিড্যুল পাব পাৰে তেন্তে এয়া মিচিং ৰাইজৰ গৌৰৱোজ্জ্বল জয় হ’ব। সকলো ৰাজনৈতিক বা সাংবিধানিক অধিকাৰ অকল ব্লাডশ্ব্যেডেৰে হস্তগত কৰা নাযায়, বৌদ্ধিক যুদ্ধৰেও ইয়াক হাচিল কৰিব পৰা যায়। সংবিধান প্ৰদত্ত যেতিয়া কাগজে কলমেও যুঁজিব পাৰি যেতিয়া তাত হেংদাং/য়কছা/তৰোৱালৰ কি কাম?


Doksiri দকচিৰি, আগষ্ট, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages