হঠাৎ…
আগমনি ফুকন শইকীয়া
১)
অজানিতে ঘটি যাব পৰা
ভুল
দুৰ্ঘটনা
আত্মসমৰ্পণ
প্ৰতিখন ঘৰৰ কোঠাই কোঠাই…
২)
ৰাতিটোতে সলনি হ’ব পৰা
আৰ্দশ
বাট
বন্ধুত্ব
সকলো এটা বৃত্তৰ বাহিৰত আৱদ্ধ…
৩)
নিমিষতে আনৰ হ’ব পৰা
চকীখন
সম্পত্তি
সীমা
অন্তিম প্ৰহৰৰ এখন ক’লা বগা খেল
৪)
হঠাৎ সলনি হোৱা
ঠিকনা
চেহেৰা
অথবা স্বভাৱ
মুখৰোচক স্বাধীন উপাদেয়…
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment