আকাশৰ দুখ
বাংলা কবিঃ নীল জামিল
তৰ্জমাঃ ড° ইকবাল হোচেইন খান
বৰপেটা
আকাশৰো দুখ থাকে,
দুখখিনি সি কাৰোৰ ওচৰত ব্যক্ত কৰিব নোৱাৰে।
কেৱল পুঞ্জীভূত হৈ হৈ এদিন
বৰষুণৰ নাম লৈ নামি আহে ধৰাত।
সেই বৰষুণত থাকে অভিমান,
থাকে হেৰুৱা দীঘল দীঘল হুমুনিয়াহ,
থাকে নীৰৱে নীৰৱে সহি যোৱা
হেজাৰ হেজাৰ অব্যক্ত বেদনা।
মানুহ চিন্তে, আকাশ কান্দে,
আচলতে সি সহজ হ’ব বিচাৰে,
নিশ্বাস এৰি দিয়াৰ দৰে,
সকলোখিনি তললৈ পেলাই দিয়ে জমাকৃত পানীত।
কিন্তু মাটি ?
সি সকলো বুজিও একো নকয়,
কেৱল নীৰৱে নীৰৱে গ্ৰহণ কৰে আকাশৰ সকলো বেদনা।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:
Post a Comment