মৰমৰ প্ৰতিদান
নৰেন নৰহ
লখিমপুৰ
মোৰ তেজাল কলিজা ক্ৰমান্বয়ে
এঙাৰ বৰণীয়া হোৱাৰ কথা
ফিৰ ফিৰাই বলা বতাহ জাকে জানে
ঘনঘোৰ আন্ধাৰে সদায়েই খবৰ লয়
যেতিয়া দুপৰ নিশালৈ বিষাদৰ গান গুন গুনাও
দিনৰ ভাগত বেলিয়ে বিচাৰি ফুৰে
যেতিয়া বহু দিনলৈ হেৰাই যাওঁ
প্ৰিয় আপং বাটিৰ সৈতে
নিৰ্জনতাত আড্ডা মাৰি থাকোঁ
এইযে দেখিছা হেঁকেৰা-হেঁকেৰিকৈ থকা জঁকাটো
ইয়াৰ মাজতে লেতু-সেতু কৰি
আত্মাই মাথোঁ জীয়াই আছে
সেয়া তোমাৰেই মৰমৰ প্ৰতিদান।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:
Post a Comment