বয়স সন্ধি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

বয়স সন্ধি

 

বয়স সন্ধি


শৰৎ হাজৰিকা

গোলাঘাট


   জীয়েক সুমনে দোকানত ওলোমাই থোৱা ফ্ৰকটো চাই থকাত মাকৰ মনটো সেমেকি আহিল। সেইটো কিনি দিয়াৰ শক্তি মাকৰ যে নাই তাই বুজি নাপায়। লগৰবোৰে বিহুত দামী আৰু ধূনীয়া কাপোৰ পিন্ধে। তাইহে নোৱাৰে। তাইক মাকে ভাল কাপোৰ দিব নোৱাৰে বাবে ঠেঁহ পাতে। দোষ ধৰে। মন মাৰি শুই থাকে।

   এই কথাবোৰ মাকে তাইক বুজাই ক’লেও নুবুজে। শিশুমনৰ ছোৱালী এজনীয়ে সদায় নতুন ৰং-বিৰঙৰ বস্তুৰ প্ৰতিহে আৰ্কষিত হয়। এয়া তাইৰ বা আন ছোৱালীৰ দোষ নহয়। আচলতে কেতিয়াবা মনৰ বয়স সন্ধিয়ে অভাৱ কি নুবুজে।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages