জুবিন দা টোপনি গ’ল
সদানন্দ হাজং
শদিয়া
জুবিন দা টোপনি গ’ল
তেওঁৰ বাবে দিবাকৰ নাহে উভতি
এটি যুগৰ অৱসান ঘটিল
যাৰ বাবে মানুহৰ ঠেলা-হেঁচা হৈ-হাল্লা
ৰাতি ৰাতি টোপনি ক্ষতি আৰু
পেণ্ডেলৰ বাহিৰত নাচিবলৈ বাধ্য কৰোৱা
সুললিত সুৰে আৰু কেতিয়াও নাহে
নৱ প্ৰজন্মৰ সৃষ্টিৰ শলিতাডাল নুমাই গ’ল
এটি পাখি লগা মন হঠাতে নোহোৱা হ’ল
শতসহস্ৰ জনৰ মন জয় কৰা
মানৱ দৰদী শিল্পী গৰাকী
অসমৰ বুকুত নহয় ছিংগাপুৰৰ বুকুত
মেলানি মাগিলে পোহৰ নপৰা বাটেৰে
গীতৰ মাজেৰে অজস্ৰ জনতাৰ হৃদয় কাঢ়ি লোৱা
একবিংশ শতিকাৰ এখন ৰঙা ৰোমাল
পঞ্চবিংশ শতিকাত হঠাতে হ’লগৈ বগা
এয়া কি নিয়তি,
সকলো চকুলো টুকি টুকি জনাইছে শ্ৰদ্ধাঞ্জলি
এটি সুললিত গানৰ অৱসান হ’ল
নৱপ্ৰজন্মৰ সৃষ্টিৰ শলিতাডাল নুমাই গ’ল।
ধুমুহাৰ দৰে আহি
পুনৰ ধুমুহা হৈ সাগৰৰ বুকুত নামি গ’ল
সেই পাখি লগা মন।।

No comments:
Post a Comment