প্ৰয়াত জুবিন গাৰ্গৰ সোঁৱৰণত
ৰিতুপৰ্ণ শৰ্মা
বেলতলা চাৰ্ভে, গুৱাহাটী
এন্ধাৰো সঁচা মোৰ বহু দিনৰ আপোন
নিজানৰ গান মোৰ শেষ হ’ব
মায়াবিনী ৰাতিৰ বুকুত
স্তব্ধ হল এটি গান এটি সুৰ
স্নিগ্ধ জোনাকৰ স্তব্ধ প্ৰহৰ
মৃত্যু যদি শিল্প হয় মৃত্যু কিদৰে সুলভ
হয়টো কথাষাৰ আজি প্ৰমাণিত
কণ্ঠৰ প্লাৱনত ফুলি উঠা জকমক ৰদ ছাকিৰ
আচম্বিতে আন্ধাৰৰ বিবৰ্তনত স্তব্ধ
চুম্বকৰূপী মায়াবী কণ্ঠৰ
নতুনত্বৰ জোঁৱাৰ আনিব কোনে
উদাসী আকাশৰ প্ৰশ্ন
উত্তাল গিটাৰৰ নাচোনত নাচি উঠা
জনতাৰ ওপৰত কি অভিমান আছিল
অন্তহীন হেপাঁহৰ নক্ষত্ৰ সামৰি
অজান দেশৰ যাত্ৰালৈ
অন্ধ আকাশৰ হিংশ্ৰ বন্ধ কোঠাত
স্তব্ধ এক সত্তা এক আৱেগ
পাখি মেলি উৰি গ’ল
সমুদ্ৰৰ গভিৰতাৰ শীতল কোলাত।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:
Post a Comment