শাৰদীয় অনুভৱ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

শাৰদীয় অনুভৱ


 শাৰদীয় অনুভৱ


হেমেন হাজৰিকা

কামৰূপ (ম)


  তু সমূহৰ ভিতৰত শৰৎ প্ৰিয়তম ঋতু। শৰতক ঋতুৰাণী আখ্যা দিয়া হয়। শৰৎ উছবৰ ঋতু। বিশ্বৰ অভিযন্তা বিশ্বকৰ্মা আৰধনাৰে শাৰদীয় উৎসৱ সমূহ আৰম্ভ হয় বুলি ধাৰণা কৰা হয়। ইয়াৰ পিছতে শৰৎ কালৰ বৄহৎ উৎসৱ শাৰদীয় দুৰ্গা পূজা। এই পূজা চাৰিদিন ব্যাপী চলে। মহা আনন্দৰ মাজেৰে দুৰ্গা আৰধনা কৰা হয়। ষষ্ঠীৰ বেদীত বিল্ব আৰধনাৰে আৰম্ভ হোৱা দুৰ্গা পূজা দশমীৰ বিফল সন্ধ্যাত প্ৰতিমা বিসৰ্জনেৰে ইয়াৰ সফল সমাপ্তি ঘটে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ইয়াক আৰধনা কৰা হয়। আনন্দত উঠি ভাঙি যায়। ইয়াৰ পিছত এই শৰততে উদযাপিত হয় ধন, ঐশ্বৰ্য বিভূতিৰ দেৱী লক্ষ্মী পূজা সকলোৱে উলহ মালহেৰে এই পূজা পালন কৰা হয়।

  ইয়াৰ পিছত পালন কৰা হয় পূজা। তাৰ পিছত উদযাপন কৰা হয় পোহৰৰ উৎসৱ দীপাৱলী। এই দীপাৱলীৰ সম্পৰ্কে বিভিন্ন কিংবদন্তি আছে। এনেদৰে শৰতৰ উছবে মানুহক মতলীয়া কৰি ৰাখে। ইয়াৰ পিছতে আৰম্ভ হয় শ্ৰী কৃষ্ণৰ ৰাসক্ৰীড়া উৎসৱ। ৰাস ৰসৰ উৎসৱ। পৰমাত্মা স্বৰূপ ভগৱান শ্ৰীকৃষ্ণৰ লগত আত্মাৰূপী গোপী সকলৰ মিলনৰ যি আকাংক্ষা সেয়াই ৰাসৰ উপজীৱ্য। এনেদৰে বিভিন্ন উছৱৰ সমাহাৰেৰে সামৰণি পৰে। শাৰদীয় মায়াময় জোনাকৰ আহ্বানে আমাক মতলীয়া কৰি তোলে। শৰত মই ভাল পাওঁ। এই ঋতুৰ এটা মায়া আছে। এই সময়ত বতৰে ৰূপ সলনি কৰে। এই শৰত সকলোৰে বাবে মঙ্গলময় হওক।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages