শূণ্যতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

শূণ্যতা

 

শূণ্যতা


                 প্ৰিয়ংকা চমুৱা

                       ঢকুৱাখনা


কেতিয়াবা নোকোৱাকৈ শেষ হৈ যায় সকলো

অসহনীয় কেৱল তাৰ অনুভৱ

কেৱল ৰুৰুৱাই বুকুত বাজে শূণ্যতা

নথকাতকৈ থাকিও নোহোৱাৰ অনুভৱ বৰ কষ্টকৰ


প্ৰকৃতি অসহায় কেতিয়াবা

আমাৰ হৃদয় খনৰ দৰেই নিশ্চুপ

এই যে কৈ থাকোঁ কেতিয়াবা

হেৰাই যাম, এই কথাবোৰেই সত্য হয় কেতিয়াবা

নভবাকৈ...।


আমি জীয়াই কিয় আছোঁ

কি বিচাৰো আমি জীৱনৰ পৰা

কিহৰ বাবে এই হাহাকাৰ কঢ়িয়াই লৈ ফুৰো

বুকুত এটুকুৰা কেঁচা ঘাঁ 

এই জীৱন কিহৰ বাবে

জনোনে আমি...!


শূণ্যতা মানেই একো নাই

শূণ্যতা মানেই কিন্তু এখন আকাশ

বিৰিখ চুমি যোৱা এটি শব্দহীন হাঁহি

আৰু বহুতো...

আচলতে শূণ্যতাতে জীয়াই থাকোঁ আমি

সকলো থাকিও শূণ্য হৈ

মৰি মৰিও এটি বালিৰ পাহাৰ হৈ... ধু ধু কৈ কঢ়িয়াই নিজৰে শৱদেহ নিজৰ বুকুত...।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages