শূণ্যতা
প্ৰিয়ংকা চমুৱা
ঢকুৱাখনা
কেতিয়াবা নোকোৱাকৈ শেষ হৈ যায় সকলো
অসহনীয় কেৱল তাৰ অনুভৱ
কেৱল ৰুৰুৱাই বুকুত বাজে শূণ্যতা
নথকাতকৈ থাকিও নোহোৱাৰ অনুভৱ বৰ কষ্টকৰ
প্ৰকৃতি অসহায় কেতিয়াবা
আমাৰ হৃদয় খনৰ দৰেই নিশ্চুপ
এই যে কৈ থাকোঁ কেতিয়াবা
হেৰাই যাম, এই কথাবোৰেই সত্য হয় কেতিয়াবা
নভবাকৈ...।
আমি জীয়াই কিয় আছোঁ
কি বিচাৰো আমি জীৱনৰ পৰা
কিহৰ বাবে এই হাহাকাৰ কঢ়িয়াই লৈ ফুৰো
বুকুত এটুকুৰা কেঁচা ঘাঁ
এই জীৱন কিহৰ বাবে
জনোনে আমি...!
শূণ্যতা মানেই একো নাই
শূণ্যতা মানেই কিন্তু এখন আকাশ
বিৰিখ চুমি যোৱা এটি শব্দহীন হাঁহি
আৰু বহুতো...
আচলতে শূণ্যতাতে জীয়াই থাকোঁ আমি
সকলো থাকিও শূণ্য হৈ
মৰি মৰিও এটি বালিৰ পাহাৰ হৈ... ধু ধু কৈ কঢ়িয়াই নিজৰে শৱদেহ নিজৰ বুকুত...।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:
Post a Comment