ঋতুৰাণী শৰতৰ আগমন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

ঋতুৰাণী শৰতৰ আগমন

 

ঋতুৰাণী শৰতৰ আগমন


                                                     উৰিশ্মা নাথ

                                                  গৰুখুটি, দৰং


আহিনৰ আঁচল উৰুৱাই 

নিৰৱে নিতালে শৰৎ আহিছে,

কঁহুৱাবোৰেও বগা সাজ পিন্ধি

উলাহতে মিচিকিয়াই হাঁহিছে।

হেঙুলীয়া আকাশৰ ৰূপালী জোনটোৱে,

দশোদিশ সামৰি শুভ্ৰ কৰি তুলিছে।

জোনাকী পৰুৱাই পোহৰৰ মেল মাৰিছে,

বতাহৰ তালে তালে প্ৰকৃতিয়ে নৃত্য কৰিছে।

শৰতৰ বোকোচাত উঠি ধৰাৰ বুকুলৈ

শাৰদী ৰাণী শেৱালি উজাই আহিছে,

হৃদয়ৰ নিভৃত কোণত লুকাই থকা

অজস্ৰ মৰম ভালপোৱা লৈ।

শাৰদীয় শেৱালিৰ প্ৰেম দেখি,

কুঁৱলীও প্ৰেমোন্মাদ হৈ পৰিছে।

শৰতৰ প্ৰথম টোপাল কুঁৱলীয়ে,

শেৱালি ৰাণীক নিয়ৰৰ মণি পিন্ধাইছে।

শ্যামলী পাতৰ ওৰনি গুচাই শেৱালিয়ে,

শাৰদী সন্ধিয়া সুবাস বিলাইছে।

দূৰ্গাদেৱীৰ আগমনৰ বতৰা পাই,

মাতৃ মেনকাৰ হৃদয় জুৰাইছে।

মেঘাচ্ছণ্ণ আকাশত মাদল বাজিছে,

মৃত্যুৰ যান্ত্ৰনাত মহিষাসুৰৰ বুকু কঁপিছে।

নিয়ৰত স্নান কৰি দুৱৰিয়ে ৰিঙিয়াই কৈছে,

এয়া ধৰালৈ শৰতৰ আগমন ঘটিছে।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages