মিচিংৰ পুৰোধা ব্যক্তি পুতিৰাম কমানৰ পৰিচয় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

মিচিংৰ পুৰোধা ব্যক্তি পুতিৰাম কমানৰ পৰিচয়

 

মিচিংৰ পুৰোধা ব্যক্তি পুতিৰাম কমানৰ পৰিচয়


দিলীপ কামান

কঠালগুৰি, গোগামুখ


   History of Arunachal Pradesh ইতিহাস লেখক Dr-N, Lego ৰ লিখনিৰ তথ্য মতে, ১৯১১চনত ইংৰাজে পঞ্চম এংলো আৱৰ যুদ্ধত আদিছ সকলক পৰাস্ত কৰি নৰ্থ হিষ্ট ফ্ৰন্টিয়াৰ (অৰুণাচল প্ৰদেশ) ক বৃটিছ প্ৰশাসনৰ অধীনলৈ আনিছিল। সেই অনুসৰি ১৯১১চনত পাছিঘাটত সহকাৰী ৰাজনৈতিক বিষয়াৰ পদৰ সৃষ্টি কৰা হয়, আৰু মিষ্টাৰ টি,ই,ফুজে (১৯১২-১৯১৭) প্ৰথম এ পি অ হিচাপে পৰিগণিত হয়।

     শৈক্ষিক মূল্য বোধৰ প্ৰতি সচেতন হোৱা আদি বাসীয়ে নিজৰ গাৱত চৰকাৰী বিদ্যালয় খোলাৰ বাবে এ পি অ ক দাবী জনায়। কিন্তু বিদ্যালয় খোলাৰ বাবে জনসাধাৰণৰ দাবীত এ পি অ ই কাম বন্ধ কৰি দিয়াৰ লগে লগে পাছিঘাট অঞ্চলৰ আদিবাসীয়ে ১৯১৮চনত আত্মসহায়ক ভিত্তিত এখন ভেঞ্চাৰ স্কুল প্ৰতিষ্ঠা কৰিলে। এইখন স্কুলৰ প্ৰথম শিক্ষক হিচাপে পুতিৰাম কমানক (মিচিং মানুহ) নিয়োগ কৰে।যি য়ে নিজৰ ছাত্ৰ ছাত্ৰীক অসমীয়া মাধ্যমত শিক্ষাদান দিছিল।পুতিৰাম কমান মিচিং সমাজৰ এজন পুৰোধা ব্যক্তি হিচাপে ঐতিহাসিক ইতিহাসত চিৰ পৰিচিত হৈ ৰ’ব।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages