শৰতৰ সুবাস
দীপ্তি ঠাকুৰ গোস্বামী
বৰ্ষাৰ বিদায় বেলা ধৰিত্ৰীক শ্যামলী সাজেৰে সজ্জিত কৰি ৰূপময়ী, মোহময়ী ৰূপেৰে আৰু আশাৰ কিৰণ সিঁচি থৈ যায়। এই সুন্দৰ অপূৰ্ব মিলনত পৃথিৱীখন হৈ পৰে লাৱণ্যময়ী। শৰৎ আহে আকৌ অন্য এক ৰূপেৰে-লয়লাস ভংগিমাৰে। এনে লাগে গছ-লতা, তৰু-তৃণক শুভ্র ফুলেৰে সজাই তুলিব আৰু সুগন্ধি মলয়াৰ পৰশত মা দুর্গা দুর্গতিনাশিনী শৰতে সোণালী দিনৰে সমৃদ্ধ কৰাৰ লগতে মানুহে বিচাৰিছে দানৱক ধ্বংস কৰি শান্তিকামী তপোবন সৃষ্টি কৰক। আৰু মা দুর্গাই মানৱৰ মাজলৈ শান্তিৰ বাণী কঢ়িয়াই আনক। সেয়ে শৰতৰ প্ৰতি মানুহৰ কাতৰ আহ্বান।
শৰতৰ আগমনৰ বতৰা পাই ধৰিত্ৰী হৈ পৰে ভৰা যৌৱনা, ৰূপহী গাভৰু। গেঁৰ ধৰা ধাননিৰ সুগন্ধি মলয়াত প্রাণ পাই উঠে কৃষকৰ আশাবোৰ আৰু স্বর্ণাভ মুহূৰ্তৰ দিশে আগবাঢ়ে। শাওণৰ গ্ৰীষ্ম প্রবাহৰ সেই কঠিন সময়বোৰ যেন ইতিহাসৰহে পৃষ্ঠা। ভৱিষ্যতৰ সোণালী সপোনবোৰ এছাটি শান্তিৰ মলয়া। শীতৰ পুৱাৰ ৰৌদ্রোজ্জ্বলৰ কোমল উত্তাপ। শৰতৰ জ্যোৎস্নাময়ী জোনাকৰ নীল আকাশৰ অলেখ তৰাই হাঁহিৰে আমন্ত্রণ জনায় শৰতক। তাকে দেখি শুকুলা মেঘে নৃত্য কৰে। শৰতৰ বতৰা পালেই নদীৰ পাৰত, সাগৰ তীৰত কঁহুৱাৰ শুভ্রতাই আঁচল পাতি আলিংগন কৰে। ধৰিত্ৰীৰ এই সৌন্দৰ্যৰ মোহত মোহিত হৈ দূৰ দূৰণিৰপৰা চৰাইজাক উৰি আহে আনন্দ কৰিবলৈ। চৰাইৰ কাকলিত মুখৰিত হৈ পৰে বিৰিখৰ ডাল, গছৰ পাত। কি যে অপৰূপ সৌন্দর্য। বিলত শৰালিজাকৰ সৌন্দর্য যেন এখন মনোমুগ্ধকৰ চিত্ৰ। জ্যোৎস্নাময়ীৰ আলোকেৰে ৰূপালী ৰহন সিঁচে ধৰাখনত। ঝুনুক-ঝানাক নিয়ৰৰ শব্দত শাৰদী ৰাণী আগচোতালৰ দূবৰিত খোজ দিয়ে- নিয়ৰৰ মুকুতা বিচাৰি। পদূলিৰ শেৱালিজোপাৰ আমোলমোল গোন্ধত আত্মহাৰা হৈ পৰোঁ তুমি, মই আৰু বহুজন। আহিনৰ বতৰত কবিতাই প্রাণ পাই উঠে-
শৰৎ, তুমি সুবাসিনী কি মায়াবী ৰূপ তোমাৰ টোপ টোপ নিয়ৰৰ মধুৰ ঝংকাৰ গ্রীষ্মৰ পৰিত্ৰাণ ফুলৰ সুগন্ধি মলয়া স্নিগ্ধতাই আঁকোৱালি ল’লে ধৰিত্ৰীক পক্ষীৰে গুঞ্জৰিত কৰে মধুৰ শব্দধ্বনিৰ যেন বৈ যায় গীতৰ কলি শৰৎ তুমিয়েই আনা আনন্দৰ বতৰা আশাৰ মলয়া প্ৰকৃতিৰ অলংকাৰেৰে সজ্জিত হৈ আমাক দিয়া জীয়াই থকাৰ প্ৰেৰণা শৰতৰ সৌন্দৰ্যত ভগৱান শ্রীকৃষ্ণয়ো ৰাসক্রীড়া কৰে- “শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন। ৰাস ক্রীড়া কৰিতে কৃষ্ণৰ ভৈল মন।”
স্নিগ্ধ জোনাক, অলেখ তৰাৰ মিচিকি হাঁহি, শুকুলা মেঘ, সুগন্ধি ফুলৰ মলয়া, পদুমৰ সৌন্দৰ্য শীতৰ এছাটি কোমল মলয়া আৰু দেবী কাত্যায়ানীয়ে ছটিয়াই দিব শান্তিৰ জল আৰু মানৱৰ হৃদয়ে হৃদয়ে বৈ যাব সৎ চিন্তাৰ ফল্গুধাৰা। হে শাৰদী ৰাণী, তোমাক কৰোঁ আমন্ত্রণ।
No comments:
Post a Comment