অৰ্চনা বৰঠাকুৰ (আৰ্চি) ৰ “শূন্যতাৰ সিপাৰে তথাগত”ৰ ভিতৰচোৱা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

অৰ্চনা বৰঠাকুৰ (আৰ্চি) ৰ “শূন্যতাৰ সিপাৰে তথাগত”ৰ ভিতৰচোৱা

 



অৰ্চনা বৰঠাকুৰ (আৰ্চি) ৰ “শূন্যতাৰ সিপাৰে তথাগত”ৰ ভিতৰচোৱা


দিপলীপ বৰা 


    পোন প্ৰথমেই কৃতজ্ঞতা জনাইছোঁ অৰ্চনা বৰঠাকুৰ বাইদেউক। “শূন্যতাৰ সিপাৰে তথাগত” নামৰ এই উপন্যাসখনে অসমীয়া সাহিত্যজগতখনৰ লগতে সাহিত্যৰ অনুৰাগী আমাৰ দৰে পঢ়ুৱৈ সকলকো যথেষ্ট উপকৃত কৰিছে। বৰ্তমান অসমৰ প্ৰায় সংখ্যকেই অৰ্চনা বৰঠাকুৰ বাইদেউৰ লগত পৰিচিত নিশ্চয়। মানুহৰ মনৰ অদেখা জগতখনক তেওঁ নিজা অনুভৱেৰে জীপাল কৰি সুকীয়া সৃষ্টিশৈলীৰে গদ্যৰ পৰিভাষা ৰূপ দি পাঠক সমাজলৈ যিকেইখন উপন্যাস আগবঢ়াই দিলে এতিয়ালৈকে সেইখিনিৰে তেওঁ আমাৰ মাজত চিৰপৰিচিত হৈ ৰ'ব চিৰদিনলৈ। তেওঁৰ “শূন্যতাৰ সিপাৰে তথাগত” উপন্যাস জগতলৈ নৱতম সংযোজন। য’ত আছে মানুহৰ মনৰ এখন সম্পূর্ণ অদেখা জগত, অবক্ত্য বেদনাৰে ভাৰাক্ৰান্ত একো একোজন মানুহৰ মাজলৈ সকাহৰ হাত এখন আগবঢ়াই দিলে যে মানুহ মৃত্যুৰ দুৱাৰদলিত থিয় হৈও নিজকে ভৰাই ৰাখিব পাৰে, ভালপোৱাৰে সকলো পোহৰ হৈ উঠিব পাৰে, অকৃত্রিম বিশ্বাস, আস্থা আৰু মৰমেৰে মানুহ কেনেকৈ জী উঠিব পাৰে, সমাজৰ সাধাৰণ একোজন মানুহৰ মাজতো বিকল্প কিছু ব্যক্তিত্বৰ সন্ধান কৰি মানুহজনক সহমৰ্মিতাৰে কেনেকৈ জীৱনটোক উদযাপনৰ বাট দেখুৱাই আগবঢ়াই লৈ যাব পাৰি এই প্ৰত্যেকটো কথাৰে সমৃদ্ধ আমাৰ “শূন্যতাৰ সিপাৰে তথাগত”। 

    “শূন্যতাৰ সিপাৰে তথাগত” মূলত পুৰুষৰ মনঃস্বত্বক আধাৰ হিচাপে লৈ লেখিকাই উপন্যাসখন সৃষ্টি কৰিছে। পুৰুষৰ পৃথিৱীখনৰ সুখ-দুখ, বিষাদ, দ্বন্দ, দায়বদ্ধতা, সৃষ্টিশীলতা, প্ৰেম, পুৰুষৰ অন্তৰ্জগতত ঘটি থকা মানসিক অন্তৰ্দ্বন্দৰ দিশ এই সকলোখিনিৰে অভিনৱ ৰূপৰ সংযোজন ঘটিছে এই উপন্যাসখনত। এইখিনি কথা উপন্যাসখনৰ আৰম্ভণিতেই উল্লেখ কৰা হৈছে ইতিমধ্যে। এইখিনিতে আৰু এটা কথা উল্লেখ কৰোঁ আৰ্চি বাইদেউৰ লগত কথা পাতি  জানিবলৈ পোৱা মতে ইয়াত যিসমূহ চৰিত্ৰৰ উপস্থাপন হৈছে সেই আটাইখিনি চৰিত্ৰই যে বাস্তৱৰ চৰিত্ৰ। তেওঁ মাথোঁ উপন্যাসখনলৈ সজাই লৈ আহিছে। সেয়ে এটা কথা উপলব্ধি কৰিছোঁ উপন্যাসখনৰ মূল চৰিত্ৰ তথাগত নামৰ বিশেষ ল’ৰাজন যে সকলোৰে বাবে মৰমৰ চৰিত্ৰ; আৰু উপন্যাসখনৰ প্ৰতিটো পৃষ্ঠা যেতিয়া পঢ়ি গৈছিলোঁ এনে লাগিছিল তথাগতক যেন প্ৰত্যেকদিনাই চকুৰ সন্মুখতে দেখি আছোঁ। 

       বাইদেৱে আৰম্ভণিতেই উল্লেখ কৰিছে “২০০৯ চনত লিখা মোৰ এখন উপন্যাস। ইয়াত উপন্যাসখনৰ বৰ্ধিত এক সংস্কৰণ কৰিবলৈ বিচৰা হৈছে। তথাগত ষোল্লঅনাই শিল্পী। বেপেৰুৱা, বে-ফিকিৰ, বিশৃংখল। তথাগতৰ মনৰ মাজত অনেক কথা। অনেক অভিমান, ভালপোৱা। আৰু তথাগৰ একোঠলীয়া সৰগলৈ অহা প্ৰতিজনৰে আছে অনেক কথা। অনেক ক'বলগীয়া। প্ৰতিটো চৰিত্ৰক তেওঁলোকে বিচৰাৰ দৰে স্পেচ দিবলৈ চেষ্টা কৰিছোঁ। এই চৰিত্ৰবোৰৰ মাজত হয়তো কোনোবাখিনিত কোনোবাই নিজকো বিচাৰি পাব।” এইখিনি কথাৰেই পঢ়ুৱৈক তেওঁ ভিতৰচোৱাও পঢ়ুৱাই লৈ যাবলৈ সক্ষম হৈছে আৰু তেওঁ কোৱাৰ দৰেই সচাঁকৈয়ে প্ৰতিটো চৰিত্ৰই নিজা বৈশিষ্ট্যৰে সমৃদ্ধ লগতে প্ৰতিটো চৰিত্ৰৰে আঁৰতে যে একো একোখন অদেখা জগত লুকাই আছে যিখিনিৰ মাজত হয়তো আন এজনেও একাত্মভাৱে নিজক অনুভৱ কৰিব পাৰে।মোৰ অনুভেৱেৰে লেখিকাৰ সাৰ্থকতা ইয়াতেই। 

      কবিতা কবিতা লগা শব্দৰ গুঞ্জনেৰে উপন্যাসখন সজাই তুলিব পৰাটোও তেওঁৰ আন এক সাৰ্থকতা লগতে মোৰ প্ৰিয় হোৱাৰ আন এটা কাৰণ হৈছে যি ভালপোৱাৰে তেওঁ চৰিত্ৰকেইটিক বান্ধি ৰাখিছে সেই ভালপোৱা যদি আমি সচাঁকৈ সমাজৰ প্ৰতিজনলৈকে বিলাই দিওঁ তেনেহ’লে সুখৰ মহাৰ্ঘ আন ক’তো বিচাৰি ফুৰাৰ অৰ্থই নাথাকিব। বিলাই দিব পৰাকৈ ভালপোৱাখিনিৰে আমি যে নিজৰ মাজতে নিজেই সুখী সমৃদ্ধ আৰু ভৰুণ হৈ থাকিব পাৰোঁ। পৃথিৱীখনত প্ৰতিজন মানুহেই হয়টো কোনোবখিনিত এবোজা দুখেৰে কোঙা হৈ ৰৈ যায়। সেই বিষাদখিনিক অন্তৰ উজাৰি যদি বিশ্বাস আৰু আস্থাৰে আন এজনে আপোন কৰি ল'ব পাৰে তেনেহ’লে দেখোন পৃথিৱীখনত কৃত্ৰিমতা বুলি একোৱেই নাথাকিব। উপন্যাসখনৰ অন্তৰ্গভৰ মূল উদ্দেশ্যই সেয়া। গতিকে মই ভাবোঁ “শূন্যতাৰ সিপাৰে তথাগত”ই আমাক সমৃদ্ধ কৰিছে ভালপোৱাৰে। 

    ছবিৰ মাজতে নিজৰ জীৱনটোক উদযাপন কৰিবলৈ শিকি ৰোৱা তথাগত যে সমাজখনৰ এক ব্যতিক্রমী চৰিত্ৰ। যাৰ অন্তৰখন শিশুৰ কোমলতাৰে ভৰা, নাই কোনো কলুষতা। তথাগতৰ লগে লগেই আন এটি প্ৰিয় চৰিত্ৰ মোৰ অদিতি বাইদেউ। যিটো চৰিত্ৰত প্ৰতি মূহুর্ততে অনুভৱ কৰিছিলোঁ অপাৰ সাহস, মাতৃত্বৰ মমতাৰে ভৰপূৰ, দায়িত্বশীল আৰু প্ৰতিটো ক্ষেত্ৰতে স্থিতপ্ৰজ্ঞ। জীৱনৰ হাজাৰ ঘাট - প্ৰতিঘাত নেওচিও তেওঁ যুজ দিছিল একমাত্র সন্তানটিক বুকুত সাৱতি আৰু সেই অদিতি বাইদেৱেই হৈ পৰিছিল তথাগতৰ লগতে তথাগতৰ কেইজনমান প্ৰিয় বন্ধুৰো অভিভাৱকস্বৰূপ। তথাগতৰ একোঠলীয়া কোঠালীটোৰ লগতে তাৰ জীৱনৰ সমস্যা সমাধানৰো সংগী আছিল বৰুণ, গীতাৰ্থ, জুনেইড, অম্লান, সমীৰণ। আটাইকেইটাৰ আছিল ইজন সিজনৰ পৰিপূৰক। আটাইতকৈ ভাল লগা কথাটো আছিল তেওঁলোকৰ নাৰীৰ প্ৰতি থকা যি সন্মান আৰু প্ৰেমৰ প্ৰতি থকা অগাধ বিশ্বাস আৰু শ্ৰদ্ধায়ে মন মুহিছিল। যাৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখিয়ে মধু নামৰ ছোৱালীজনীয়ে তথাগতৰ কোঠাৰ লগতে নিঃসংকোচেৰে এখন দোকান দি চলি থাকিব পাৰিছিল। তাইৰ ভূগি থকা অসুখটোৰ বিষয়েও মুকলিকৈ সিহঁতৰ সন্মুখত বিনাদ্বিধাই ক’ব পাৰিছিল। সেয়া সম্ভৱ হৈছিল মানুহে মানুহৰ প্ৰতি ৰখা ভালপোৱা আৰু বিশ্বাসৰ সহচৰতে। অসমৰ স্বনামধন্য চিত্রকৰ বৰুৱা ছাৰৰ অন্যতম প্ৰিয় আছিল তথাগত। যিজনৰ প্ৰেম আৰু ছবিৰে তথাগতই নিজক বিচাৰিবলৈ শিকিছিল। ইমানবোৰ ভাল লগাৰে সমৃদ্ধ উপন্যাসখনে আমাক কি দিয়া নাই, মানুহৰ জীৱনৰ পাঠ শিকাইছে আমাক । 

     উপন্যাসখনত মোৰ ভাললগা কেইশাৰীমান কথাই মোক মুগ্ধ কৰিছিল। তাৰে কেইশাৰীমান উল্লেখ কৰিছোঁ সকলোৰে বাবে -

   “ভালপোৱাৰ সেয়াই শক্তি। অমানুহো মানুহ হয়, মনেৰে মৰি যোৱাজনো জী উঠে। ভালপোৱাত বৰ পোহৰ অ’।”

     “সম্পর্কবোৰৰ অৱশেষৰ একো নাম দিয়া নাযায়। এই অৱশেষবোৰ চাগৈ চিৰদিনলৈ ৰৈ যায় বুকুৰ কোনোবাখিনিত।”

    “আকাশলৈ চাই সি কিবা এটা সকাহ পায়। ৰাতিৰ আকাশলৈ তাৰ বৰ মায়া। আচলতে দিনতকৈ ৰাতিবোৰ তথাগতৰ বেছি প্ৰিয়। ৰাতিবোৰ একান্ত নিজৰ হয়। ৰাতিবোৰত মানুহ নিজৰ ওচৰত একদম উদং হৈ পাৰে। আকাশত তৰাবোৰ নোহোৱাৰ দৰে।”

   “তথাগতই তাৰ বুকুত থকা সমস্ত মৰমেৰে তাইক বুকুত সুমুৱাই লৈছিল। আকুটি এটাৰ দৰে তাই তাৰ বুকুৰ মাজলৈ কুৰুকি কুৰুকি সোমাই আহিছিল। এটা শিশুক চুই চোৱাৰ দৰে সি তাইক চুই চাইছিল। তাইৰ বুকুৰ বেঙেনাবুলীয়া চিলনীটোত তাৰ ৰংলগা আঙুলিকেইটাৰে চুই চুই সি গাইছিল -

                              ‘শিয়ালী এ নাহিবি ৰাতি 

                     তোৰে কাণে কাটি লগামে বাটি....।’

   বাস্তৱৰ প্ৰতিজন মানুহৰ জীৱনেই হাজাৰ সমস্যা, বুকুত এবোজা যন্ত্রণা, একাকীত্ব, অব্যক্ত বেদনাত ভাৰাক্ৰান্ত। কিন্তু সেই যন্ত্রণাৰ উপশমৰ বাট কাটে ভালপোৱাই, মানুহৰ সহমৰ্মিতাই। আৰ্চি বাইদেউৰ উপন্যাসখনৰ প্ৰতি পৃষ্ঠাই সেয়াই প্ৰমাণ কৰিছে। হাঁহিবলৈ এৰি ভাঙি গুড়ি হৈ যোৱাজনৰ শিৰাই শিৰাই মৰম আৰু ভালপোৱাৰ মলম লগাই জীৱনৰ বাট দেখুৱাইছে। কৃত্ৰিমতাৰ আও-ভাও নোপোৱা এজাক শিশুকো ৰং বিৰঙৰ অলেখ সপোনেৰে সৃষ্টিৰ বাট এটি কাটি কাটি মৰমৰ ৰঙেৰে আপোন কৰি লোৱা তথাগত আমাৰ বাবে সদায় মৰমৰ। 

    ভালপোৱাৰে জীৱন সমৃদ্ধ। মানুহৰ হাজাৰ যন্ত্রণাইয়ো তলাব নোৱাৰাকৈ মানুহক মানুহ কৰি জীয়াই তোলে কেৱল ভালপোৱা, বিশ্বাস আৰু মৰমে। এয়াই “শূন্যতাৰ সিপাৰে তথাগত।”



ফোনঃ ৯৬৭৮৩৬৯০০৮


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages