কাবান - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

কাবান

 

কাবান


                   জিতেন নৰহ 


অভিমানৰ পাহাৰ এখন সাজি 

অ’ অভিমানী তুমি যে গুচি গ’লা 

ভালেই কৰিলা

আমাৰহে মন উৰুঙা কৰে

বাঃপি য়িঃলুঙে 


পিতায়ে বাংকুং ঠিকেই সাজিছিল

তোমাক জনম দিয়াতো আইৰো দোষ নাছিল

প্ৰসৱ বেদনাত ঠিকেই খামুচি ধৰিছিল চঃলাগ


দঃঞি-পঃলৰ স্ৰষ্টা 

মানুহ গঢ়োতা খনিকৰ জনৰ

অমনোযোগিতাৰ বাবে হয়তো

তুমি তেনেকৈ জনম ল’লা

হয়তো বিধাতাৰ বিধি‌লিপি আছিল এয়া

ৰোগে ৰুগ্ন কৰা মন এটা লৈ তুমি হ’লা দুৰ্ভগীয়া

আৰু অভিমানৰ পাহাৰ এখন গঢ়ি

তুমি গুচি গ’লা নিৰৱে


আজি

তুমি নাই বুলি আমিয়ো দুখ কৰা নাই

তথাপি মন উৰুঙা কৰে বাঃপি য়িঃলুঙে


জীৱনটোনো কি ?

আত্মা নামধাৰীৰ মাথোন

প্ৰকাশ-অপ্ৰকাশৰ খেল

তথাপি জীৱন অনুপম  

কেকটাছৰ কাঁইটে কটা ঊটৰ ওঁঠৰ 

লুনীয়া তেজৰ সোৱাদ !


টোকাঃ মিচিং শব্দৰ অৰ্থ

কাবান>শোকগীত 

বাঃপি য়িঃলুং>পছোৱা বতাহ

বাংকুং>ঘৰৰ চতি

চঃলাগ>সন্তান প্ৰসৱৰ সময়ত প্ৰসুতি গৰাকীয়ে ধৰিবলৈ বান্ধি দিয়া ৰছী

দঃঞি-পঃল>বেলি-জোন


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages