স্পৰ্শ
ববী দত্ত
টীয়ক
অনাবিল অনুভূতিৰ স্বপ্ননীল আবেশত দুহাত ৰঙীন
মুহূৰ্তবোৰ গধুৰ কোঠাত আবদ্ধ
আঙঠাত সৰকি পৰা বনৰীয়া বুকুৰ যৌৱন।
স্পৰ্শৰে জীয়াব খোজো মৃতপ্ৰায় শৰীৰ
কাৰ দুহাত মোৰ শিৰত আশীষ হৈ
জিলিকিল নক্ষত্ৰ।
আহ বৰষুণ আহ, মোৰ দুৰ্বল শৰীৰ ধুৱাই যা
আহ বতাহ আহ, মোৰ তন মন স্পৰ্শী যা
নিলগৰ অপয়া ঢৌ নিলগতে মাৰ যা
স্পৰ্শত আতুৰ মোৰ হৃদয়ৰ কুমলীয়া ছাঁ
কোন বৃক্ষৰ তলত জিৰালে উপঙিব ৰ’দ
বুকুত সাৱটি লম বদনামী সমস্ত ভাগৰ
স্পৰ্শ বিশ্বাস
স্পৰ্শ আস্থা
স্পৰ্শ সত্য
ব্যস্ততাই অমনোযোগিতাক বাৰে বাৰে নিমন্ত্ৰণ জনায়।
বুকু উদং, পথাৰ উদং
নাই নাই কতো উশাহৰ জীয়া আশা নাই।
মোৰ দুচকুৰ পতা কোনে জপাই
শব্দৰ স্পৰ্শই।
স্পৰ্শৰ সৰল সমৃদ্ধিত মৌজোনৰ খহে।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৫
No comments:
Post a Comment