ভাৱনাৰ আলেখ্য - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, October 31, 2025

ভাৱনাৰ আলেখ্য

 


ভাৱনাৰ আলেখ্য


                                দীপ হেষ্টিংছ বৰি

                                        গোলাঘাট


দুখত ভাঙে কেঁচা কলিজা

নিৰাশাত ডুবে জীৱন সপোন

তুমি যেতিয়া অচিনা হোৱা


অভিমানী হৃদয়ে নুবুজে ব্যৰ্থতা

বাৰে বাৰে আঁকে হেঁপাহৰ কুণ্ডলী 


আশাৰ চিলা উৰে মন দিগন্তত

কামনাৰ গজালি মেলে হিয়াৰ কোঁহত

উজাগৰ বিভাৱৰী বকুৰ আলহী হ’বা

তুমি প্ৰণয়িনী


সিঁচি দিবা বুকুৰ দলিছাত

এহালিছা সুমথিৰা….


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages