পিংকুজিৎ দাস ২
ধন দাস
আপোনাৰ দাড়িখিনিৰ ফাঁকত
আপুনি হাঁহি এটা ঠিক হাঁহিৰ দৰে লগাকৈ
দেখুৱাব জানে
সপ্তাহৰ শেষৰ বাৰটোক আপুনি ৰঙীয়াল কৰি ৰাখিব জানে
ৰঙচুৱা হৈ পৰে দাড়ি
ৰঙচোৱা হৈ পৰে নখবোৰ / হাতৰ তলুৱা
আনুমানিক কথাটো হ’ল
ৰঙে ঢাকিব জানে বিষাদ
জেতুকাপতীয়া দিনটোত আপুনি ব্যস্ত নোহোৱাকৈ
ব্যস্ত হৈ থাকিব জানে
গল্প এটাৰ নিৰ্জনতাত
সহজ একোৱেই নহয়
জীৱনেই পৃথিৱীৰ কঠিন শিল্প
আমি জানো
কিন্তু আপুনি সহজভাৱেই পিন্ধি আছে চকুত
দুখন খিৰিকী
মন গ'লেই আপুনি খোলে
নিজেই কিবা এটা তাৰ পৰা উলিয়াই
লিখে আমি নিলিখাৰ দৰে
আৰু আগবঢ়াই দিয়ে
আমি কবিতা বুলি পঢ়ো
বাকীখিনি আপুনি জানে
কেৱল মানি নলয়
আজিকালি আমি কথা কমকৈ পাতোঁ
আজিকালি আমি পথৰ পথিক
মাজে মাজে ব্যস্ততাৰ অজুহাত দেখুৱাই
আপুনি কয় কিতাপ বান্ধি আছোঁ
আপুনি কয় ঘৰটো উৱলিছে ন-কৈ সাঁজিব পৰাকৈ
আপুনি কয় গল্প এটা পঢ়ি আছোঁ
এনেদৰে চলি থাকোঁতেই
কেতকী এজনীয়ে খবৰ দিলে
আজি আপোনাৰ জন্মদিন
কিবা ক’ব পৰাকৈ বা ক’ব লগাকৈ
মই মোক তন্ন-তন্নকৈ পৰীক্ষা কৰি পালোঁ
একো নাই মোৰ বিধ্বস্ত-বিৰাগৰ বাহিৰে
কেৱল এটা প্ৰাৰ্থনা আছে আপোনাৰ বাবে।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫
.jpg)

No comments:
Post a Comment