ধুমুহাত
ঋষভ নাথ
ৰঙা ৰঙেৰে মেৰিওৱা পেঁপাৰ দৰে
দেখা গৈছিল কুকুৰাটোৰ ডিঙি
সি মাতি থকা নীৰৱতাখিনি
বিদাৰি আহিছিল বিঘিনি
সৰাপাতে আগ-ধৰি নিয়া বাটেদি
ধুমুহাই বখলিয়াই গৈছিল ঘৰবোৰ
ভূততকৈ চাৰ সি কি দানহৰ বজ্ৰ-প্ৰহাৰ
হঠাৎ ভাগিছিল কাঠৰ বাঁহৰ কামিহাড়
কাল নাগৰ জিভা যেন বিজুলী দেখি
আমি জীউ থৈছিলোঁ বিছনাতলত
তালৈকো বৈ আহিছিল আন্ধাৰ
কদম-গছত গচকৰ চিৎকাৰ শুনি
দেউতাই মোক থাপ মাৰি কৈছিল
– ধুমুহাৰ লগত যুঁজ জিকিব নোৱাৰি
তেওঁৰ ডেকাকালো মোটামুটি ধুমুহাই
তেতিয়া হেনো মানুহৰ মাজৰপৰা
মানুহ উফৰি পৰিছিল ৰাজ-ৰোষত
পোতাশালত উদ্যত বন্দুকৰ সন্মুখত
উঁই চিলা হৈ উৰা ছপাখানাৰ আখৰবোৰ
ধৰি ধৰি খাইছিল লালকিল্লাৰৰ কাউৰীয়ে
জেদ কৰি তেওঁ বেদ শিকিব নোৱাৰিলে
কোনে থিয় দি থমকাব পৰিছে ধুমুহাক
চকুৰে দেখা শিলৰ ৰেখা সেই কথা
কালীৰ ডিঙিত নৰমুণ্ডবিলাকে আজিও
ঘণ্টাৰ দৰে মাতি থকা দেখোঁ মৌনতা
হঠাৎ দিন কি ৰাতি ফাটি আহে ধুমুহা
ধূসৰিত বাটে টানি নিয়ে দ্ৰৌপদীৰ ইন্নাফি
ফালি ছিৰাছিৰ কৰে কলপতীয়া ফানেক
ৰাং কুকুৰৰ দাঁত ঘৰে ঘৰে ছিটিকি পৰে
ঢেৰেকনিত কঁপি উঠে ভৰিৰ তলৰ ভূমি
কাকতৰ খবৰ নি পিপৰা গাঁতত পুতি থয়
বৰষুণৰ টোপালে ধুমুহা অহা যেন পালে
ডাঠ চকুৰে দেখা শিলৰ ৰেখা সেই বেথা
মদমত্ত ধুমুহাই কিদৰে মহতিয়ায় ঘৰবোৰ
খোজৰ চিন দি নিশ্চিহ্ন কৰে বাপতি পথাৰ
কিয় মহিষৰ কবলত আহাৰৰ কঠীয়া
বন্দী হোৱাৰ ভয়ত বন্দী দৈনন্দিন
মানুহৰ মাজৰ মানুহ
লুকাই জানো ধুমুহাৰ হাত সাৰিব পাৰি
মূধৰপৰা বিছনাতললৈ বিপদৰ আঙুলি
ঠিক লাঠীহে যেন আজি আহে ফেঁট তুলি
ধুমুহাৰ ভাৰ ধাৰাসাৰ মাৰ সহিব নোৱাৰি
ভাঙি পৰিল অগণ্য উভালি পৰিল তথাপি
দেখোন আদেশত আঁঠু কাঢ়িব নিশিকা
মানুহৰ লানি নিছিগে কমাৰশাললৈ
এলান্ধুকলীয়া জুহালৰ অঙঠা চকুত লৈ
তেওঁলোকে দেখা শিলৰ ৰেখা সেই প্ৰথা
ঘূৰি সংকট আহে আৰু পাৰ হৈ যায়
অহাৰপৰা যোৱালৈ আপাতকালছোৱাত
কিজানি ধুমুহাই মানুহক জুখি চায়
টোকাঃ
ইন্নাফি - মণিপুৰী মহিলাই লোৱা চাদৰ
ফানেক - মণিপুৰী মেখেলা
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫


No comments:
Post a Comment