আমাৰ ধূনু বৰষুণত তিতিল
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ছাতি নোলোৱাকৈ ওলাল ধুনু
কিনো হ’ল যে তাৰ মতি;
হঠাতে যদি আহে বৰষুণ
কিযে হ’ব তাৰ গতি?
চোলা ভিজিল, পেণ্ট ভিজিল
ভিজিল জোটাযোৰা;
মূৰো ভিজিল, ঘাৰো তিতিল
ভিজিল ভৰিৰ গোৰা।
নাক ভিজিল, চকু তিতিল
ভিজিল কাণৰ লতি।
বৃষ্টিত ভিজি ধৰা পৰিল ধূনুৰ সৰ্বমতি।
ভিজি-বুৰি চুপচুপিয়া হ’ল
তিতিল সমস্ত গা-মূৰ।
সকলো ভিজিল, সকলো তিতিল
মাথো নিভিজিলহে চুলি ধূনুৰ—
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫

No comments:
Post a Comment