মায়াবিনী
আগমনি ফুকন শইকীয়া
ৰৈ ৰৈ মায়াবিনী বাজিছে
ক’ত !
চকুৰ পতাত
পৃথিৱীৰ বুকুত
মায়াবিনী বাজিছে বৰলুইতৰ নিজানত
মায়াবিনী বাজিছে জন-অৰণ্যত
মায়াবিনী বাজিছে সাগৰতলিত
কাৰ নখৰ আঁচোৰত পৃথিৱী কঁপিছে !
কাৰ নখৰ আঁচোৰত মনুষ্যত্ব জাগিছে !
মায়াবিনী মায়াবিনী
কোনে উচুপিছে !
ৰৈ ৰৈ কোনে উচুপিছে !
মানুহে উচুপিছে
ঘৰে-পৰে উচুপিছে
কেৱল মানুহে উচুপিছে
সঁচাকৈ উচুপিছে…
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫
.jpg)

No comments:
Post a Comment