চম্পাৱতীৰ দুঃখ
ৰুদ্ৰ সিংহ মটক
তাইৰ চকুৰ নীলাৰ মাজত দুখৰ কলা দাগ এটা
বুকুৰ কামিহাড়বোৰ পাৰ হৈ একেবাৰে এজাৰৰঙী
কলিজা
পাইছেগৈ
তাইৰ চকুৰ মণিদুটা সৰু, গলিত পিতলৰ দৰেই তীক্ষ্ণ
উজ্বল
তাই পোহৰলৈ চাবলৈ অতিপাত ভয় কৰে
ওপৰলৈ মূৰ তুলি আজিলৈকে কোনোদিন চোৱা নাই
আকাশ অথবা বেলি
তাইৰ জন্মৰ আগৰ দিনবোৰত মাকৰ জৰায়ুত তিলমানো জোনাক নাছিল
ঠিক ন মাহ আগত দুৰ্ঘটনাগ্ৰস্ত মাকজনীয়ে জীৱনটো হাতৰ মুঠিত লৈ
ভেন্টিলেটৰৰৰপৰা ঘূৰি আহিছিল
ডাক্টৰ নাৰ্ছ ওচৰৰ মানুহ কোনেও সেয়া আশা কৰা নাছিল
তাইৰ সাত বছৰ বয়সত মাক আন এজন মানুহৰ সৈতে ক’ৰবালৈ
গুচি গৈছিল
এবছৰ আগত দেউতাকে কামলে বুলি ওলাই গৈ গাওঁবুঢ়াৰ ঘৰৰ কুঁৱাত
যাপ দি মৰিছিল
ছোৱালীজনীয়ে লগৰীৰ সৈতে গৈ মাজে মাজে দেউতাক মৰা কুঁৱাটো জুমি চাই আহেগৈ
আবিয়ৈ যদিও তাইৰ হেনো ভয় লাগে ঘৰত অকলশৰে থাকিবলে’
ক’লা সাপ এটাই বিচনাৰ তলত ৰৈ তাইক ‘চম্পাৱতী’ বুলি মাতে
দোভাগ ৰাতি নাভিতলত মেৰিয়াই ধৰে তাইক
পুৱা তাইৰ তেজহীন নীলা শৰীৰটো সৰি পৰা নিয়ৰ এটোপালৰ দৰে
শিঁয়ৰি উঠে আতংকত
ৰাতি ছোৱালীজনী প্ৰায়ে ঘৰত নাথাকে
তাই হেনো অকলে অকলে ঔজুপিৰ ওচৰৰ কুঁৱাটোৰ তলিতে হেৰুওৱা দেউতাকৰ মুখখন বিচাৰি উচুপি কান্দে এই পৃথিবীৰ কোনেও
নুশুনাকে’
এনেকি তাইক চম্পাৱতী বুলি মতা ক’লা সাপটোৱেও নজনাকে’
ঠিকনাঃ
অম্বিকাগিৰি নগৰ,
হাউছ নং তিনি,
ত্ৰিবেণী পথ, গুৱাহাটী -৭৮১০২৪
ফোন–৭০০২৩০৩৮৮২
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫


No comments:
Post a Comment