লাইজাবৰি
দেৱৰাজ মিলি
ভোকতকৈ কবিতা ডাঙৰ নহয় বুলি হেজাৰবাৰ পতিয়ন যোৱাৰ পাছতো
দুই-চাৰিটা কবিতা লিখোঁ
তাৰে দুটামান পিটিকি চাই পাঠকে কয়
ইয়াত কবিতা নাই
আচৰিত নহওঁ মই
আচৰিত নহওঁ সেইবাবেই যে
কবিতা < ভোক
ভোক > দুখ
দুখ = কবিতা
বুলি বুজি উঠিছোঁ লাহে লাহে
অৱশ্যে মই জানো মোৰ কবিতা হৈ উঠিব পৰা নাই
ভোকৰ ভাত আকালৰ মাত
হৈ উঠিব পৰা নাই কণাৰ লাখুটি বাওনাৰ হাঁকুটি
কুলিৰ কাকলি হ’ব পৰা নাই গোলাপৰ কলি হ’ব পৰা নাই
মৌ-মাখিৰ গুঞ্জন হ’ব পৰা নাই
হ’ব পৰা নাই শিশুৰ হাঁহি
দেশ জ্বলাৰ দিনা
সমাজ ভগাৰ দিনা
মোৰ কবিতা পানী হৈ নুমুৱাব পৰা নাই জুই
বাণী হৈ বিলাব পৰা নাই আশ্বাস
যিদিনা ভেঁটি জহে
যিদিনা মাটি খহে
সিদিনাও মোৰ কবিতাই চাকি হৈ পোহৰাব পৰা নাই আকাশ
মাটি হৈ গজাব পৰা নাই বিশ্বাস
যুদ্ধৰ দাবানলত
মোৰ কবিতা বুদ্ধ হৈ বিয়পাব পৰা নাই শান্তি
গান্ধী হৈ জিলিকাব পৰা নাই এন্ধাৰ ৰাতি
ভোগ আৰু ক্ষোভৰ লেলিহান জুইত
মোৰ কবিতা আৰ্তৰ অস্ত্ৰ হৈ উঠিব পৰা নাই
নিঃস্বৰ বস্ত্ৰ হৈ উঠিব পৰা নাই
হৈ উঠিব পৰা নাই নিৰীহৰ কণ্ঠ
কোনোদিনেই একো হ'ব পৰা নাই কবিতাবোৰ মোৰ
কিবা এটা হৈ উঠাৰ আশা
উহোঁ... একেবাৰে ক্ষীণ
প্ৰিয় পাঠক
তোমালোকে মোৰ কবিতাৰ শৰীৰ
ভাঙি চূৰ্চুমৈ কৰা
গচকি পেলোৱা
শব্দবোৰ কাটি টুকুৰা-টুকুৰ কৰা
বাক্যবোৰ নেফানেফ্ কৰা
দলিয়াই পেলোৱা ডাষ্টবিনলৈ
বাটৰ কাষত কিজানিবা
গজি উঠে তাৰপৰাই
একো একোজোপা
লাইজাবৰি
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫


No comments:
Post a Comment