সন্ধ্যাতৰা
স্বপ্নালী কলিতা
গোলাঘাট
দুৱাৰখন লাহেকৈ মেলি দিলোঁ
তৰাটো আগৰ ঠাইতে ৰৈ আছে
কাষেদি পাৰ হৈ আহিছে জোন
এজোলা বগা ডাৱৰে তাৰ তিৰ্বিৰ শৰীৰটো
গৰকি ঢাপলি মেলিছে ক’ৰবালৈ
যেন কোনোবা অচিন ঠাইত দুৰ্ঘটনাত
পতিত হ'ল সন্তান
তৰাটো নিৰ্বিকাৰ
ভাবত বিভোৰ
অকলে হাঁহিছে, অকলে গাইছে
অকলে কথাও পাতিছে
কেতিয়াবা সৰিপৰা যেন লাগে
এটোপাল চকুলো
কেতিয়াবা সৰায় হাঁহিৰ স্ফুলিংগ
আৰু কেতিয়াবা
পিৰিকিয়াই থাকে চকু
ভাব হ’ল – কথাবোৰ জুকিয়াই চাবলৈ
তৰাটোৰ বাৰু আছেনে বুকু!
জোনটো মাটিলৈ সৰি আছে
এনখ দুনখকৈ
মই চাই আছোঁ তৰাটোলৈ –
কোন আত্মজৰ অস্থিৰ ঘ্ৰাণে
সজাল ধৰিছে সি
মোৰ প্ৰপিতামহ
পিতামহ নে মোৰ সহোদৰ
নাই কোনো নহয়
কাৰণ –
মোৰ কোনো আত্মজেই
ইমান ধীৰ অথবা
স্থিৰ নাছিল
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫


No comments:
Post a Comment