মই নথকাৰ অনুভৱ যিদিনা হ’ব
তোমাৰ সিদিনা অশ্ৰু নিগৰিব নে তোমাৰ...?
জাতিৰাম কমান
মই নথকাৰ অনুভৱ যিদিনা হ’ব তোমাৰ সিদিনা অশ্ৰু নিগৰিব নে তোমাৰ, মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা… হয়; জুবিন গাৰ্গ নথকাৰ অনুভৱত অশ্ৰুসিক্ত হৈছিলো সিদিনা। সিদিনাই শিল্পী গৰাকীৰ কবিতা আৰু গানৰ ছন্দ মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিছিলো।
জুবিন গাৰ্গ জীয়াই থকা কালত আমি জুবিন ফ্যেন নাছিলো কিন্তু জুবিন অনুৰাগী যে আছিলো তাত কোনো সন্দেহ নাই। জুবিন মানুহজন, জুবিনৰ কন্ঠ, জুবিনৰ গানে আমাক সদায়েই মনোমুগ্ধ কৰি আহিছে, মনত শাঁত পেলাই আহিছে। হ’লেও আমি জুবিনৰ অন্ধভক্ত নাছিলো। কেতিয়াবা তেওঁৰ কাৰ্যকলাপক আমি মুকলিকৈ সমৰ্থন কৰিব পৰা নাছিলো। সেইটো কথা ঠিক যে তেওঁৰ বহেমিয়ান লাইফ ষ্টাইলে আমাক আকৰ্ষণ কৰিছিল। জুবিনৰ দৰে বহেমিয়ান লাইফ ষ্টাইলত বহুতে থাকিব নোৱাৰে আৰু সম্ভৱো নহয়!তেনে জীৱন শৈলী সকলোৰে লগত খাপ নাখায় আৰু নুশুৱায়ো। সুধাকন্ঠ ড° ভূপেন হাজৰিকা, সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য আৰু সুৱদী কন্ঠৰ গৰাকী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বাবেহে তেনে লাইফ ষ্টাইল সম্ভৱ আৰু তেনে মহান সৃজনী প্ৰতিভাধৰ ব্যক্তিসকল সাংসাৰিক জীৱনত তেনেকুৱাই।
জুবিন গাৰ্গৰ মহা প্ৰয়াণৰ পাছতহে আমি জুবিন নামৰ ভিতৰৰ মানুহগৰাকীক আৰু বেছি ভিতৰলৈ গৈ জানিবলৈ প্ৰয়াস কৰিছোঁ। শিল্পী গৰাকীক জানিবলৈ যিমানেই তেওঁৰ ভিতৰত সোমাই গৈছো সিমানেই তেওঁৰ প্ৰতি আমি বেছি অনুৰক্ত হৈছো, তেওঁৰ ব্যক্তিত্বত আমি আকৰ্ষিত হৈছো।
কথা সাহিত্যিক, প্ৰসিদ্ধ ঔপন্যাসিক ৰীতা চৌধুৰীয়ে লোৱা জুবিন গাৰ্গৰ শেষ ইন্টাৰভিউত সাক্ষাৎকৰ্তাই জুবিনৰ নিভৃততম কোণলৈ (Core) গৈ জুবিন নামৰ অন্যন্য সত্তাটো খানি উলিয়াই আৱিস্কাৰ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল কিন্তু ৰীতা চৌধুৰীয়ে জুবিনৰ core লৈ গৈ পাবগে নোৱাৰিলে!গৈ নাপালে যেন লাগিল!তথাপি আকাৰে ইংগিতে জুবিনে বহু কথাই কৈ গল তেওঁৰ শেষ প’ডকাষ্টত।
বিশিষ্ট সাংবাদিক অভিষাৰ শৰ্মাই কবৰ দৰে - “জুবিন গাৰ্গক মই আগেয়ে বৰকৈ ধ্যান দিয়া নাছিলো কিন্তু তেওঁৰ মৃত্যুৰ পাছত জুবিন গাৰ্গক বিস্তৃত ভাৱে অধ্যয়ণ কৰাৰ পাছতহে গম পাইছো তেওঁৰ মহত্ব!এতিয়াহে বুজিব পাৰিছো - কিয় জুবিনৰ অবৰ্তমানত অসমে হাঁহাকাৰ কৰি আছে!কিয় হিলদল ভাঙি জনতা ওলাই আহি সপ্তাহ দহদিন অসমে শোকত ডুবি আছে! “জুবিনক ভিতৰৰ পৰা নজনাসকলে জুবিন গাৰ্গৰ মহানতাক জুখিব কদাপি নোৱাৰে! সেইকাৰণেই বহু মুম্বাই মাৰ্কা চেলিব্ৰেটীৰ জোকৰ মুখত চূণ সানিছিল জুবিনে। স্থূল মানিসিকতাৰে ভৰা তথাকথিত চেলিব্ৰেটীৰে ভৰা মায়ানগৰী এৰি আপোন দেশত আহি খাটি খোৱা মানুহৰ সতে মিলি, মাটি আৰু মানুহৰ গীত গাই মাটিত মিলি গল মানুহৰ হৃদয় গলোৱা শিল্পী গৰাকী। আমাৰ পৰা আতঁৰি গ'ল কাহানিও ঘূৰি নহা বাটে।
এজনে কবাত কোৱা শুনিছিলো - জুবিনৰ গীতত মোহাচ্ছন্ন হৈ বোকাত লুটুৰি পুতুৰি হৈ উদ্দাম নৃত্য কৰা সকলেই জুবিনৰ আচল ভক্ত, জুবিন অনুৰাগী!যিবিলাকে জুবিনক নিঃস্বাৰ্থভাৱে অন্তৰৰ গভীৰতম কোণৰ পৰা ভাল পায়। সিহঁত জুবিনৰ ওচৰত থকা হলে সাগৰতলিৰ পৰা বুৰ মাৰি হলেও জুবিনক মৃত্যু মুখৰ পৰা বচাই আনিলেহেঁতেন!
কথাটো নুই কৰিব নোৱাৰি। জুবিনৰ ফাংচনত বোকা খেলা সেই জুবিনভক্ত সকলেই আচল মানুহ।আমি চিনি পোৱাৰ বহু আগতেই সিহঁতে জুবিনক চিনি পাই থৈছে।শিৱভক্ত নন্দী ভৃংগীৰ দৰে তেওঁবিলাক জুবিন ভক্ত।আমাৰ দৰে কৃত্ৰিমতাৰ আৱৰণে ঢাকি ৰখা, দেখাক দেখি উথলি উঠা হঠাৎ অনুৰাগী নহয় তেওঁবিলাক। তেওঁবিলাক সঁচা অৰ্থত জুবিন অনুগামী।বাকী,জুবিনক চৌব্বিছ ঘন্টাই সোঁৱে বাঁৱে বেৰি থাকি জুবিনক বিয়েৰ মদ্যপান কৰোৱাই তিল তিলকৈ জুবিনক শেষ কৰা সাংগো পাংগো সকল মানুহৰূপী দৈত্য, অমানুহ।
জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পাছত সামাজিক মাধ্যম ভৰি পৰি আছে জুবিনৰ কথা। ফেচবুক, ইউটুবত লেথাৰি নিছিগাকৈ কেৱল জুবিন আৰু জুবিন।
প্ৰাচ্য পণ্ডিত ড° হীৰেন গোঁহাই ছাৰে কোৱাৰ দৰে - “যি গৰাকী ব্যক্তিৰ মৃত্যুত লাখ লাখ মানুহ দুখত ম্ৰিয়মান হৈছে, শ্ৰদ্ধা নিবেদন কৰিবলৈ ওলাই আহিছে,তেওঁ সাধাৰণ মানুহ নহয়”। এৰা, জুবিন গাৰ্গ অসাধাৰণ আছিল, তেওঁৰ কৰ্ম অসাধাৰণ আছিল, তেওঁৰ চিন্তা অসাধাৰণ আছিল।সেই বাবেই জুবিন অন্যতকৈ পৃথক। জুবিন মহান।
বিহুমঞ্চ, ফাংচন আদিত সততে কৰি থকা চেলেং পেতেং মানুহজনৰ মাজত থকা চিৰিয়াছ মানুহ গৰাকীক আমি বহু প'ডকাষ্ট,টক শ্বো,বাৰ্তালাপ, ইন্টাৰভিউ আদিত দেখা পাইছো।সেই সাক্ষাৎকাৰবোৰ চালে কোনেনো কব জুবিন পাতল মনৰ, উৎপতীয়া স্বভাৱৰ বুলি? প্ৰতিটোসাক্ষাৎকাৰতে, প্ৰতিটো বাৰ্তালাপতেই পুৰঠ মস্তিষ্কৰ জুবিন গাৰ্গক আমি দেখা পাওঁ, সুন্দৰ ব্যক্তিত্বৰ উমান পাওঁ। জীৱনবোধ আৰু জীৱন দৰ্শনৰ কথা কম কথাৰে সাৱলীল ভাৱে প্ৰকাশ কৰিছে শিল্পীগৰাকীয়ে সেই বাৰ্তালাপ সমূহত। তেওঁৰ গীতবোৰতেই জুবিন গাৰ্গৰ জীৱন দৰ্শন আমি স্পষ্টকৈ অনুধাৱন কৰিব পাৰোঁহক।
দিন বাগৰি যোৱাৰ লগে লগে জুবিনৰ অনুপস্থিতি আমি অধিক অনুভৱ কৰিবলৈ লৈছো, যি একেই অনুভৱ অগনন জুবিন অনুৰাগীৰ।
জুবিন গাৰ্গে জীৱিত কালত অসমৰ বাবে ভৰপূৰ দি গৈছে।জুবিন গাৰ্গৰ যি অৱদান, এয়া অসমৰ বাবে অমূল্য সম্পদ। জুবিনৰ অকাল বিয়োগ অসমৰ বাবে অপূৰণীয় ক্ষতি।কালে অকালতে হৰি নিনিয়া হলে জুবিনে অসমৰ বাবে আৰু বহু কিছু কৰিব পাৰিলেহেঁতেন! কিন্তু হলে কি হব? জুবিনৰ দৰে Socialist leftist, সমাজবাদী বামপন্থীয় চিন্তাধাৰাক আমাৰ প্ৰচলিত সমাজ ব্যৱস্থাই সহজে গ্ৰহন নকৰে। সমাজবাদী বামপন্থীয় শাসন ব্যৱস্থা থকা হলে অসম তথা ভাৰতবৰ্ষ চীনৰ সমানে আগবাঢ়িলেহেঁতেন, হয়তু চীনতকৈও আগবঢ়া দেশত পৰিগনিত হলেহেঁতেন কাহানিবাই। কিন্তু সাম্প্ৰতিক ভাৰতীয় শাসন ব্যৱস্থা ধৰ্মীয় গোড়ামীত পিষ্ট, পূঁজিপতিৰ হাতোঁৰাত বন্দী। কাজেই, সমাজবাদী বাওঁপন্থীয় চিন্তা চেতনাক ইয়াত অপ্ৰাসংগিক জ্ঞান কৰে প্ৰভাৱগোষ্ঠী আৰু সুবিধাবাদী শ্ৰেনীটোৱে, যিসকলে ক্ষমতাৰ বাঘজৰী ডাল ধৰি থাকে। তেনে বহু ৰহস্যঘন কাৰণতেই হয়তু জুবিন গাৰ্গ নামৰ ব্যক্তি গৰাকী সেই শ্ৰেনীটোৰ চকুৰ কূঁটা দাঁতৰ শূল হৈ পৰিছিল… কিন্তু জন গনৰ নায়ক জুবিনৰ ভয়ত মুখ খুলি ক'ব পৰা নাছিল। সান্দহ খোৱা বালি তল যোৱাৰ শংকা কৰি ভীতিগ্ৰস্থ হৈছিল! জানোচা জুবিনে তক্তা পল্টাই দিয়ে? তেনেবোৰ কাৰণত হয়তু জুবিনক পানীৰ তলৰ কাঁইটে ঘেৰি ৰাখিছিল! জুবিনক নিঃশেষ কৰাৰ ফন্দি কৰিছিল অতি গুপুতে, সন্তৰ্পনে! কাৰণ, জুবিন গাৰ্গৰ শিল্পী জীৱনৰ গ্ৰাফডাল লাহে লাহে অৰ্ধনমিত হব ধৰিছিল। ইয়াত জনপ্ৰিয়তাক সাঙুৰা হোৱা নাই। শিল্পী জুবিন গাৰ্গৰ পৰৱৰ্তী কাল হয়তু ক্ৰমান্বয়ে পলিটিক্সৰ ফালে ঢাল খালেহেঁতেন, জুবিন পলিটিক্সত ডাইৰেক্ট involve নহলেও জুবিনক লৈ, জুবিনৰ আদৰ্শক লৈ পলিটিক্স হলহেঁতেন, যিটো কথা ক্ষমতাসন্ধানী সকলে মনে প্ৰাণে বিচৰা নাছিল আৰু মনে মনে শংকিত হৈছিল!
এয়া আমাৰ মনত উদ্ৰেক হোৱা ব্যক্তিগত চিন্তাহে!চিন্তা অমূলকো হ’ব পাৰে! কিন্তু জুবিনৰ ৰহস্যঘন অকাল মৃত্যু আৰু ইয়াৰ অন্তৰালত উৎপন্ন হোৱা সন্দেহজনক কাৰ্য কলাপবোৰে আমাক তেনে চিন্তা কৰিবলৈ প্ৰেৰিত কৰিছে।
জুবিন গাৰ্গ আৰু জীয়াই থাকিব লাগিছিল। তেওঁ আৰু জীয়াই থকা হ’লে আৰু বহু কিছু কৰিব পাৰিলেহেঁতেন অসমৰ বাবে। কিন্তু নহ’ল, জুবিনৰ আধৰুৱা কাম থাকি গ’ল।
জুবিন গাৰ্গৰ বিয়োগত সঁচা অৰ্থত শোকত ভাগি পৰা সকল হল সেই বোকাত লুটুৰি পুতুৰি হৈ নাচি বাগি ‘জয় জুবিনদা’ বুলি চিঞৰাসকল, জুবিনে সহায়ৰ হাত আগবঢ়োৱা সেই নিঃকিন, নিঃস্ব মানুহবোৰ, জুবিনক নিঃস্বাৰ্থ ভাৱে ভালপোৱা অনুৰাগীসকল, জুবিনৰ কথা কামত মুগ্ধ হোৱাসকল। বাকী কনটেম্পৰেৰী চেলিব্ৰিটিসকল - যিসকলে জুবিন গাৰ্গক প্ৰতিদ্বন্দ্বী বুলি ভাৱে আৰু ক্ষমতাপিয়াসী ৰাজনীতিক সকল, যিসকলে জুবিনৰ আপোচহীন ৰাজনৈতিক মতাদৰ্শত শংকিত হয়,সেই সকলৰ বাবে হয়তু বাটৰ কাঁইট আতঁৰিল! চিধা কথাত ৰাস্তা ক্লিয়াৰ হ’ল। কিন্তু মনত ৰখা দৰ্কাৰ যে মানুহৰ কায়িক ভাৱেহে মৃত্যু হয়। আদৰ্শৰ মৃত্যু নহয়। জুবিন মৰিও অমৰ। জুবিনৰ আদৰ্শ জীয়াই থাকিব অসম থকালৈকে। অসমত বতাহ বলি থকালৈকে জুবিনৰ গীতৰ গুঞ্জনে মুখৰিত কৰি ৰাখিব অসমৰ আকাশ বতাহ।
শেষত অংগৰাগ পাপন মহন্তৰ মন চুই যোৱা কথাৰে মুখনি মাৰিছোঁ। আমি পাপনক জুবিনৰ স’তে কেতিয়াও তুলনা নকৰোঁ আৰু কৰাতো উচিত নহয়। জুবিন আৰু পাপন আমাৰ বাবে দুই স্বতন্ত্ৰৰীয়া পৃথক শিল্পী সত্তা। দুয়ো সৰলৰৈখিক ভাৱে গতি কৰা দুডাল ৰেখা। এটাক দীঘল কৰি আনটো চুটি কৰিব নোৱাৰি। পাপনে জুবিনৰ নশ্বৰদেহ দৰ্শন কৰিবলৈ আহি বৰ ভাগি পৰি অকপটে স্বীকাৰ কৰি কৈছিল – “জুবিন অসমৰ হিয়াৰ আমঠু। জনতাৰ ভিৰ অভূতপূৰ্ব! সিমান মানুহৰ ভিৰ! এয়া সহজ কথা নহয়; আমাৰ দ্বাৰা এয়া সম্ভৱ নহব!”
এৰা, পাপনৰ উক্তি হ’ল - শিল্পী বন্ধু জুবিনক কোৱা অকপট মৰম আৰু স্বীকাৰোক্তি। জুবিন গাৰ্গৰ স্থান হয়তু পুৰ কৰিব নোৱাৰিব! সুধাকন্ঠৰ মহাপ্ৰয়াণতকৈ বেছি যন্ত্ৰণাদায়ক, হৃদয়বিদাৰক আছিল জুবিন গাৰ্গৰ মহাপ্ৰয়াণ।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫


No comments:
Post a Comment