মিচিং ভাষা-বিষয় আৰু মিচিং ভাষাৰ শিক্ষাৰ মাধ্যমঃ বিহসংগম দৃষ্টিৰে এটি চমু আলোকপাত
হৰেন্দ্ৰনাথ নাথ দলে
মিচিং আগম কৌবাঙৰ বাবে ঐতিহাসিক দিনৰূপে স্বীকৃত ৩০ অক্টোবৰ দিনটো আকৌ আহি পালেহিয়েই। এই দিনটোতেই ১৯৮৫ চনত অসম চৰকাৰে সাংবিধানিক মৰ্যাদা সহকাৰে মিচিং ভাষাক স্বীকৃতি প্ৰদান কৰি মিচিং অধ্যুষিত অঞ্চলৰ প্ৰাথমিক বিদ্যালয় সমূহত মিচিং ভাষা প্ৰৱৰ্তনৰ বাবে আনুষ্ঠানিকভাৱে অধিসূচনা জাৰি কৰিছিলে। সেয়েহে ১৯৮৫ চনৰ পৰা ২০২৪ চনলৈকে মিচিং আগম কৌবাঙে মিচিং ভাষাৰ স্বীকৃতিৰ দিনটো Agom Longé ৰূপে প্ৰতিবছৰে উদযাপন কৰি আহিছে। সুদীৰ্ঘ ৩৯ বছৰ কাল মিচিং ভাষা অসমৰ মিচিং অধ্যুষিত অঞ্চল সমূহৰ ২৩০ খন প্ৰাথমিক বিদ্যালয়ত ভাষা-বিষয় (Language Subject) ৰূপে প্ৰৱৰ্তিত হৈ আছিল। সেই সময়ত মিচিং ভাষাৰ পাঠদানৰ বাবে ২৩০ গৰাকী শিক্ষক চৰকাৰীভাৱে নিযুক্তি দি প্ৰাথমিক বিদ্যালয়ৰ ৩য় আৰু ৪ৰ্থ শ্ৰেণীত নিয়মীয়াকৈ পাঠদানৰো ব্যৱস্থা কৰা হৈছিল। তাৰ মাজতে মিচিং আগম কৌবাঙে মিচিং ভাষাক মাধ্যমলৈ উত্তৰণৰ বাবে চৰকাৰক দাবী জনাই আহিছিল। এই দাবীৰ ন্যায্যতা স্বীকাৰ কৰি অসম চৰকাৰৰ শিক্ষা বিভাগে নতুনকৈ অধিসূচনা জাৰি কৰি মিচিং ভাষাক মিচিং অধ্যুষিত জিলাসমূহৰ ২০০খন প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষা প্ৰৱৰ্তনৰ ব্যৱস্থা কৰি চলিত ২০২৫বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা আনুষ্ঠানিকভাৱে পাঠদান আৰম্ভ কৰিছে। মিচিং ভাষাৰ মাধ্যম প্ৰৱৰ্তনৰ দিনটোৱেও মিচিং ভাষাৰ ইতিহাসত বিশেষ সুকীয়া তাৎপৰ্য বহন কৰিব। কিন্তু পৰিতাপৰ কথা এই যে, মিচিং মাধ্যমৰ বাবে মিচিং ভাষাৰ শিক্ষক নিযুক্তি নিদি অসমৰ বিভিন্ন প্ৰান্তৰত নিয়মীয়াকৈ কৰ্মৰত মিচিং জনগোষ্ঠীৰ TET উত্তীৰ্ণ শিক্ষক সকলকহে মিচিং মাধ্যমৰ বিদ্যালয়বোৰত বদলিকৰণসূত্ৰে স্থলাভিক্ত কৰি পাঠদানৰ ব্যৱস্থা সদ্যহতে কৰা হৈছে। ফলত মিচিং ভাষাৰ মাধ্যমৰ আৰম্ভণি বৰ আশাব্যঞ্জক ধৰণে হোৱা বুলি থোৰতে কব নোৱাৰি। এতিয়া মিচিং ভাষাৰ মাধ্যম প্ৰৱৰ্তনৰ নামত পূৰ্বৰ ২৩০খন বিদ্যালয়ৰ বিপৰীতে ২০০খনলৈ বিদ্যালয়ৰ সংখ্যা হ্ৰাস কৰাৰ উপৰিও নতুনকৈ মিচিং ভাষাৰ শিক্ষকৰ পদ সৃষ্টি কৰা নাই। তদুপৰি পূৰ্বৰ ২৩০ গৰাকী মিচিং ভাষাৰ শিক্ষকৰো পদ বিলোপ কৰা হ’ল। সেয়েহে মিচিং আগম কৗবাঙৰ অধীনত অনুষ্ঠিত মিচিং ভাষাৰ পৰীক্ষাত সূচাৰুৰূপে উত্তীৰ্ণ হৈ মিচিং শিক্ষক পদৰ বাবে অপেক্ষা কৰি থকা ইতিপূৰ্বে মিচিং ভাষাৰ প্ৰমাণ পত্ৰ লাভ কৰা যোগ্য শিক্ষাৰ্থী/ প্ৰশিক্ষাৰ্থী সকল মিচিং ভাষাৰ শিক্ষক নিযুক্তিৰ পৰাও বঞ্চিত হ’ল।
মিচিং ভাষা প্ৰৱৰ্তনৰ প্ৰাৰম্ভিক পৰ্যায়ত ৩য় আৰু ৪ৰ্থ শ্ৰেণীত মিচিং ভাষাৰ পাঠ্য পুথি আছিল মাত্ৰ ৪ (চাৰি)খন। এই পাঠ্য পুথি কেইখন আছিল Posang Otsur (Lékor-I), Poman-Moman, Mising Gomlam আৰু Posang Otsur (Lékor-II) আদি। পৰৱৰ্তীকালত SCERT (State Council of Educational Research & Training)-ৰ তত্বাৱধানত মিচিং ভাষা বিষয়ক পাঠ্যপুথি চৰকাৰী নীতি-নিৰ্দ্দেশনাৰ ভিত্তিত মিচিং আগম কৗবাঙৰ ভাষা-বিশেষজ্ঞ সকলে প্ৰস্তুত কৰি থকা বুলি আমি জানিব পাৰিছো। অতি সম্প্ৰতিও নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP)-ৰ আধাৰত মিচিং আগম কৗবাঙে পাঠ্যপুথি প্ৰস্তুত কৰি ২০০খন মিচিং ভাষাৰ প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ পাঠ্যপুথিৰে আকৌ নতুনকৈ পাঠদান আৰম্ভ কৰিছে। মিচিং ভাষা চৰকাৰীভাৱে স্বীকৃত মাধ্যম হ’ল; এয়া আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়। কিন্তু, নাম মাত্ৰ মাধ্যম হ’লেই নহ’ব। মিচিং ভাষা সৰ্বাংগ সুন্দৰ হ’ব লাগিব। এতিয়াৰ পৰা মিচিং ভাষাৰ মাধ্যমত অংক, বিজ্ঞান, ভূগোল, বুৰঞ্জী আদি বিভিন্ন বিষয় পঢ়িব লাগিব। সেয়েহে পাঠ্যক্ৰমত সন্নিবিষ্ট মিচিং ভাষাৰ পাঠ্যপুথিবোৰ ইংৰাজী, অসমীয়া, বাংলা আৰু হিন্দীৰ দৰে গুণমান বিশিষ্ট হ’ব লাগিব। শিক্ষা বিভাগে নিৰ্ধাৰণ কৰি দিয়া বিদ্যায়তনিক ক্ষেত্ৰৰ চাহিদা সমূহ পূৰণ কৰাৰ উপৰিও মিচিং ভাষাই আধুনিক ভাৰতীয় ভাষাৰ মৰ্যাদা প্ৰাপ্তিৰ বাবেও অসমীয়া, বড়ো, বাংলা আদিৰ দৰে স্বয়ং সম্পূৰ্ণ ভাষালৈ উন্নীত কৰিব পাৰিব লাগিব। ভাষা, সাহিত্য, সংস্কৃতি, ইতিহাস, বিজ্ঞান, দৰ্শন সকলো বিষয় সামৰি মিচিং ভাষাত অধ্যয়ন, চৰ্চা আৰু অনুশীলন কৰিব পাৰিলেহে মিচিং ভাষাক প্ৰকৃত মান্য ভাষাৰূপে চৰকাৰ, প্ৰতিষ্ঠিত উন্নত সমাজ, সৰ্ব-সাধাৰণ মিচিং ৰাইজ আৰু পাঠক সমাজেও স্বীকৃতি দিব। আধুনিক ভাৰতীয় ভাষাৰ পৰ্যায়লৈ তুলি নিয়াৰ বিভিন্ন বিদ্যায়তনিকস্তৰ আৰু বৈশিষ্ট্য সমূহ চিনাক্ত কৰি মিচিং আগম কৗবাঙে কৰ্ম-আঁচনি প্ৰস্তুত কৰি নিৰন্তৰভাৱে মিচিং ভাষা-সাহিত্য উত্তৰণ আৰু বিকাশৰ বাবে কাম কৰিব পাৰিব লাগিব। আমি সুদূৰ প্ৰসাৰী চিন্তা-চেতনাৰে অশেষ ত্যাগ স্বীকাৰ কৰি অহোপুৰুষাৰ্থ মনোভাৱেৰে কাম কৰিলেহে মিচিং ভাষাইও হয়তো এদিন সাংবিধানিক মৰ্যাদা সহকাৰে অষ্টম অনুসূচীভূক্ত ভাৰতীয় ভাষাৰ স্থান লাভ কৰিব পাৰে। অষ্টম অনুসূচীভূক্ত ভাৰতীয় ভাষালৈ উন্নীত হ'লেহে আমিও মিচিং ভাষাত ৰচিত গল্প, উপন্যাস, কবিতা আদিৰ যোগেদি সাহিত্য অকাডেমি বঁটা আৰু জ্ঞানপীঠ বঁটা আদি লাভ কৰিব পাৰিম। ইমান উচ্চস্তৰীয় আলোচনাৰ পৰিসৰ সামৰি নোলোৱাকৈ যদিহে আমি কওঁ, মিচিং ভাষাৰ মাধ্যমত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক আৰু বৌদ্ধিক বিকাশ যাতে ইংৰাজী আৰু অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগত সমতা স্থাপন কৰি সমানে সমানে আগুৱাই যাব পাৰে, এয়াও আমি সততে দৃষ্টি ৰাখিব লাগিব। উন্নত মাধ্যমত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ লগত ফেৰ মাৰিব নোৱাৰিলে বৌদ্ধিক ব্যৱধান (Intellectual gap) আহিব পাৰে। এনে বৌদ্ধিক সমতাহীন পৰিস্থিতি উদ্ভৱ হ’ব লগা হ’লে আমাৰ গাওঁ এলেকাৰ মিচিং ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলৰ মনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। যিহেতু বৰ্তমানৰ যুগ প্ৰতিযোগিতাৰ যুগ। তীব্ৰ প্ৰতিযোগিতাৰ দৌৰত মিচিং ভাষাৰ মাধ্যমৰ আমাৰ মিচিং সন্তান সকল যাতে পিছপৰি ৰৈ নাযায়, তাৰ বাবেও আমি সুদূৰ প্ৰসাৰী চিন্তা কৰিব লাগিব। সেয়েহে মিচিং ভাষাৰ মাধ্যম প্ৰৱৰ্তনৰ আৰম্ভণিৰ পৰাই ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আমি অভিভাৱক, শিক্ষক আৰু সৰ্ব-সাধাৰণ মিচিং ৰাইজেও সদাজাগ্ৰত প্ৰহৰীৰ ভূমিকা পালন কৰিব লাগিব।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫


No comments:
Post a Comment