জুবিনৰ গানেৰে
বিলিন্টু কুমাৰ চিন্তে
গোগামুখ
সংগীতময় জীৱন
বুজাই নাছিলো
গানৰ সুৱাস
জনাই নাছিলো
জুবিনৰ গানেৰেই
প্ৰান ভৰি উঠিলো।
গানৰ মায়াত
শয়নে সপোনে
আকাশে বতাহে
জুবিনৰ গানতেই
উপচি পৰিলো।
গানৰ প্ৰতি
নাছিল সহাৰি
এদিন দুদিন কৰি
জুবিনৰ কণ্ঠই
কৰিলে মুগ্ধ।
সুমধুৰ গানেৰেই
মনমগ্ধ মায়াৱী কণ্ঠই
সৰি নিলে মন
জুবিনৰ গানতেই আছে
সোণোৱালী ল’ৰালি জীৱন।
বাজি আছে গান
শুনিছোঁ জয় গান
চুইছে প্ৰান
জুবিনে দিলে
সংগীতৰ দান।
আকাশ পাতাল
সাক্ষী কৰি
প্ৰকৃতিয়েও ল’লে
জীৱনৰ মান।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫

No comments:
Post a Comment