অনুৰাগ, তুমি কেনে আছা
জুমী চিৰিং
কঠালগুৰি, লক্ষীমপুৰ
অনুৰাগ, তুমি কেনে আছা
বহুত দিনেই হ’ল জানা
তোমাৰ খবৰ নোপোৱা!
এতিয়া শৰতৰ আগমনৰ সময়ত
আহিনৰ শীতল সমাহিত পৰিবেশত
এফালে অসূৰ্যস্পৰ্শা শেৱালিয়ে
লাজুক লাজুকৈ চলাইছে প্ৰস্তুতি
শাৰদীয় শৰতক আদৰিবলৈ
দূবৰিত নিয়ৰে সজাইছে দলিচা
শেৱালিক প্ৰেম নিবেদন কৰিবলৈ!
আনফালে নৈ-পৰীয়া পছোৱা জাকে
শুকুলা ডাৱৰে সৈতে মিতিৰালি পাতি
কঁহুৱা কোমল পাহিৰ আবিৰ সানি
কোনোবা সৰগৰ অপেশ্বৰী প্ৰেমত পৰি
চঞ্চলাৰ সমীৰণে নাচিছে আপোন পাহৰি!
এনেহেন পৰত -
তোমালৈ বৰকৈ মনত পৰিছে অ’
অবুজ মনটোৱে হাহাকাৰ কৰিছে
দুচকুত প্ৰেমৰ প্ৰলেপ আঁকি
বুকুৰ বাগিচাত কিয় ৰোপন কৰিছিলা
প্ৰেমৰ প্ৰতীক ৰঙা গোলাপৰ পাহি
এসাগৰ গুলপীয়া ভালপোৱা সিঁচি
বুকুৰ বাগিচাত বিয়পিছিল সুগন্ধি
এতিয়া মোৰ কলমত তেজৰ চিয়াঁহী!
অনুৰাগ, তোমাক বহুত ভাল পাও বাবেই
কেতিয়াবা ওৰে ৰাতি টোপনি নাহিছিল
মোৰ ক'লচীয়া টোপনিৰ ষ্টেচনত বাজিছিল
উকিয়াই উকিয়াই উজাগৰি টিলিঙা
অন্ধকাৰেই হৈছিল মোৰ জীৱনৰ ডিঙৰা
আন্ধাৰত চকু দুটা ডাঙৰকৈ মেলিছিলোঁ
মৃদু মৃদু কৈ কুৰুকি কুৰুকি সোমাইছিল
হৃদয়ৰ গভীৰলৈ ভালপোৱা ক’লাজ
কেতিয়াও নুসোধোঁ তোমাক
অনুৰাগ, তুমি কেনে আছা বুলি।

No comments:
Post a Comment