অকথ্য
বিশ্বজিৎ গগৈ
এই যে দেখা পোৱাৰ পিছতো
আকৌ চোৱাৰ হাবিয়াসত
চালে চাই থাকিব পৰাকৈ
ধুনীয়া তুমি !!
কোন তুমি??
সুধিলো মনক
মনে ক’লে, “ভাললগা” তুমি
সুধিলো হৃদয়ক....
হৃদয়ে ক’লে, “ভালপোৱা” তুমি
যদি তোমাক সুধিব খোজো
কি ক’বা তুমি?
ভাললগা নে বাৰু ভালপোৱা?
সিদিনা কৌতুহল জাগিছিল
মন কৰি তোমালৈ
এবাৰ নহয় বহুবাৰ চালোঁ
তুমিও...
ন’কলা, মইও ক’ব নোপোৱাকৈয়ে
আমাৰ ইচ্ছাৰ বিপৰীতে
দুৱাৰখন বন্ধ কৰি দিছিল
কোনোবাই আচম্বিতে।
দৰ্জাখনত ঠেকা খাই শুই পৰিছিল
ডালিমগুটীয়া দাঁতৰ ফাকেৰে নিগৰি
দুটি ওঁঠত জিলিঙণি তোলা
সুবাস সনা তোমাৰ বেঁকা চাৱনিটো,
ৰৈ গৈছিল বুকুৱে বগাব খোজা
অবুজ অনামী শিঁহৰণ চুমি
নিজৰ মাজতে।
অশান্ত হৈছিল চৌপাশ
উৰন্ত মনৰ....
কাৰণ,
ক’ব নোৱৰা কথাবোৰো শেষ হৈ নাযায়,
বুকুৰ আখলতে জ্বলে
একোৰা তুঁহ জুইৰ দৰে।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫

No comments:
Post a Comment