শ্ৰদ্ধাৰ্ঘ্য সুৰ সম্ৰাটলৈ....
কেশৱানন্দ ওজা
নাহৰ জোপাক সাৱটিবলৈ
তুমিতো আৰু কোনোদিনে নাহা,
সীমাহীন দুখৰ হেন্দোলনি তুলি
তুমি যাওঁ বুলিয়েই গুছি গ’লা....
এৰি থৈ গ’লা মাথো
বেদনা গধূৰ এসাগৰ স্মৃতি,
তুমিবিহীনতাত আজি
অজস্ৰ জনে পাৰ কৰিছে
বিনিদ্ৰ ৰজনী।
‘মায়াবিনী ৰাতি’বোৰত
এতিয়া তুমি মাথো
এক নিষ্ঠুৰ নষ্টালজিয়া....
অশ্লীল ৰাতি বোৰৰ দৰে
নিৰ্লজ্জ দিনবোৰতো
মাথো নিনাদিত হৈছে
হুমুনিয়াহ, হতাশা আৰু
সময়ৰ প্ৰতিধ্বনি,
আবাল বৃদ্ধ বনিতা সকলোৱে যেন
কাণ পাতি শুনিব খোজে
তোমাৰ পদধ্বনি।
‘নিদাগ বসন্ত’ আজি স্থবিৰ,
অশ্ৰুৰ বৰ্ণহীন ইতিহাসৰ পৃষ্ঠাত
স্বপ্নাতুৰ জীৱন আজি মাথো
এক অবুজ সাঁথৰ।
অস্তিত্বৰ দূৰ্বাৰ সংগ্ৰামত
সিৰাই সিৰাই শিপাইছে
যন্ত্ৰণা... মাথো যন্ত্ৰণা,
এতিয়া আৰু কাহানিও
শেষ নহয় সেই বিষন্নতা....
আৰু এনেকৈয়ে নীৰৱতাৰ মাজত
হেৰাই গ’ল এক জীয়া জীৱনৰ মাদকতা।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫

No comments:
Post a Comment