ঘেণ্টা খাটিৰ নকৰোঁ
ভাৰতী বসুমতাৰী
ঘেণ্টা খাটিৰ নকৰা মানুহ আছিলি বোলে তই
হ’লে কিডাল হ’ল
তোৰ সৰলতাৰ, স্পষ্টবাদিতাৰ
গৰ্ভ খান্দি কোনোৱে চকু কাঢ়িলে
কোনোৱে কলিজা
কোনোৱে যকৃত, হাওঁফাওঁ
মুঠতে সব, সব কাঢ়ি নিলে
গমহে নেপালি
ঘেণ্টা খাটিৰ নকৰা মানুহ আছিলি
হ'লে কিডাল হ'ল
ভাল লুটিলে তোক
একেলগে খাইছিলি, শুইছিল, গৈছিলি
তাৰ পিছতো তোকেই খতম কৰি দিলে সিহঁতে
গমহে নেপালি
বাপৰে, মানিলো দে
মানুহৰ নামত হাৰামজাদা
আচ্ছা ছিংগাপুৰত কি হৈছিল কচোন
নিজ মুখেৰে
সাগৰ তলিত তই নিজেই শুলি
নে সিহঁতে শুৱালে
একদম সচাঁ কবি কিন্তু
ইয়াত কোনোৱে আচল কথা নকয়
ৰাজনীতিৰ মেৰপেচত কথাবোৰ তামাম ঘূৰিছে
ইফালে ন্যায় বিচাৰি আমিসোপাই হাহাঁকাৰ কৰিছোঁ
ছ'ছিয়েল মিডিয়াত #justiceforjubeengarg লিখি লিখি মিলিয়ন মিলিয়ন কৰি দিছোঁ।
তাতে কি হ’ল
ন্যায়ৰ হ’লে আশা নাই
সেয়ে কৈছোঁ তই এবাৰ মুখ খুলিলে আৰু দুবাৰ খুলিব নেলাগে কথা দিলোঁ।
কি ক’ম গোটেই অসমখনে হেৰুৱাই তোক কান্দি কান্দি বলিয়া হৈ ফুৰিছে
ন্যায় নোপোৱালৈ কোনো ক্ষান্ত নেথাকে বোলে
আৰু বেচেৰী বৌজনী
উফ!
মন গলেই গুচি যায় সোণাপুৰলে
তইহীন জীৱনে বৌক জীয়াই জীয়াই মাৰিছে
সোণাপুৰত তই কি কৰি আছ,কি খাইছ,পিন্ধিছ
গধুৰ হৈ অহা বুকুখন কঢ়িয়াই নিবলৈ কিমান কষ্ট নিয়াজনেহে জানিব
হেৰুওৱাৰ যন্ত্ৰণা কি হেৰুওৱা জনেহে বুজিব
এৰা বৰ বেয়া কথা হ’ল অ
ন্যায় পালেও নেপালেও তই যে কেতিয়াও উভতি নাহ
ধেইত চাল্লা খং এটা ঘপকে উঠি অহা হৈছে আজিকালি
কেনেবাকে যদি লগ পাই যাওঁ নহয় তোক
চাই লবি
এনেদৰে নোকোৱা নেমেলাকে গুচি যোৱা অৱস্থা বেয়া কৰি দিম কিন্তু
কৈ দিলো
ঘেণ্টা খাটিৰ আমিও নকৰোঁ
লগ পাই চা না এবাৰ
গ’ম পাই যাবি।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫

No comments:
Post a Comment