বস্ত্ৰ উদ্যোগ
গাৰ্গী ভূঞা
যোৰহাট
বেজীত সূতা ভৰাই ৰৈ আছিলোঁ মই
মনৰ জোখাৰে কাপোৰ পালেই
এটা কামিজ চিলাম
বস্ত্ৰ উদ্যোগত জনসংখ্যাৰ জোখাৰে
কাপোৰ উৎপাদন হৈয়ে আছিল
মনৰ শিপিনীয়েও বৈছিল
এখন খনিয়া চাদৰ
এটুকুৰা খদ্দৰেও দেশৰ অৰ্থনীতি ঢাকিব পাৰে
কেতিয়াবা পাশ্মিনা ৰেচমৰ আচলেৰেও ঢাক নাখায়
বুকুৰ গৌৰৱ
বহল মনবোৰ ঢাকিবৰ বাবে হেনো বস্ত্ৰ নাই
সেইবাবে উন্নয়নশীল দেশৰ পদপথত শুই থাকে
অৰ্দ্ধনগ্ন শিশু।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫

No comments:
Post a Comment