সপোন
অশোক কুমাৰ দলে
ৰাতি ৰাতি সি আহে
আৰু মোৰ স’তে কৰে আলাপ
সি আহিলে ক’ব নোৱাৰাকৈ সন্মোহিত হৈ যাওঁ
সি আৰম্ভ কৰে কথাৰ বকলা
মই শুনি থাকোঁ
কালি ৰাতি বিছনাত বাগৰ দি চিলমিল টোপনিত খোজ দিছিলোহে –-
তেতিয়াই তাৰ আগমন
সি মোক গালত টিপি বুকুত বাকুঁহি জগাইছিল
পথৰুৱা ভাগৰত টোপনিৰ নিচা লাগি
উঠিম বুলিও উঠিবপৰা নাছিলোঁ মই
সেই দেখি সি মোক দাঙি নিছিল নৈখনৰ পাৰলৈ
দুভাগ ৰাতি ধিমি ধিমিকৈ জ্বলি আছিল
পূৰ্ণিমাৰ পাছৰ জোনটো
বতাহৰ ৰিব ৰিব গান শুনি
সাৰে আছিল নিশাটো
কুঁৱলীৰ চাদৰ মূৰত লৈ
নদীখন ধীৰে ধীৰে খোজ দিছিল গন্তব্য স্থানলৈ
পাৰৰ হাবিখন বৰ আচহুৱা লাগিছিল
সেউজীয়া পাতবোৰত তিৰবিৰাই আছিল তৰাবোৰ
বুকু বহল কৰি চিত ভোলোঙা খাই
বগা চাদৰ এখন হৈ শুই আছিল বালিবোৰ
আমি বালিত সাজিছিলোঁ
ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ
খেলিছিলোঁ টাংগুটি লুকা-লুকি
গোনা মহৰ দবৰা-দবৰি
বন কুকুৰাৰ ডাকত সাৰ পোৱা বেলিটো
লাহে লাহে মেলিছিল চকু
তেতিয়াই সপোনটোৱে মোক তাতে এৰি
আঁতৰি গৈছিল আন্ধাৰ হেৰুৱা বাটেদি
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫

No comments:
Post a Comment