মৃত্যুৰ সিপাৰে….
অনুস্মিতা ফুকন
প্ৰভাতী পখীৰ গীতত খিৰিকীখন খুলি দিওঁতেই
ক’লা ধোঁৱাই ছানি ধৰা আকাশত এজাক শগুন উৰি যোৱা দেখিলো
তেজৰ ৰঙেৰে ফাকু খেলা দেশত
ৰজাঘৰীয়াৰ বহুৱালি দেখি
জীৱনে হাঁহি- হাঁহি ক'লে
মৃত্যুৰ সিপাৰেও এখন দেশ আছে
য'ত প্ৰকৃতিয়ে ৰজাৰ দৰে শাসন কৰে
যি দেশত জাতিবোৰে মানুহ হৈ যুজ দিয়ে
যি মাটিৰ সুগন্ধিত বিশ্বাসে ৰাগ টানে
যি দেশত তেজবোৰ ৰঙা হৈ বিৰিঙে
সেই ভূমিতেই ৰাম-ৰহিমে
সম্প্ৰতিৰ বৰঅসম সাজে
ক্ৰমাৎ
মৃত্যুৰ সিপাৰে
জীৱনে জেতুকা হৈ জিলিকে।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫

No comments:
Post a Comment