Mising Sports Carnival অভিযানৰ বৌদ্ধিক দৃষ্টি আৰু ঈপ্সিত লক্ষ্য - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, October 31, 2025

Mising Sports Carnival অভিযানৰ বৌদ্ধিক দৃষ্টি আৰু ঈপ্সিত লক্ষ্য


 Mising Sports Carnival অভিযানৰ বৌদ্ধিক দৃষ্টি আৰু ঈপ্সিত লক্ষ্য


ড° দেৱজিৎ পেগু

সহকাৰী অধ্যাপক

দৰ্শন বিভাগ

গোগামুখ মহাবিদ্যালয়


পৰিচয়মূলক সূচনাঃ

   মিচিং জনগোষ্ঠী ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ দ্বিতীয় বৃহত্তৰ খিলঞ্জীয়া ভূমিপুত্ৰ। এই জনগোষ্ঠীৰ নিজস্ব সভ্যতা-সংস্কৃতি, ভাষা-সাহিত্য থকাৰ লগতে শাৰীৰিক সুস্থতা আৰু বৌদ্ধিক পৰিপক্কতাৰ হেতু ক্ৰীড়াসুলভ দৃষ্টি অনাদি কালৰ পৰা বিদ্যমান হোৱা পৰিলক্ষিত হয়। ক্ৰীড়াৰ বিভিন্ন ধৰনৰ আভ্যন্তৰীণ আৰু বহিঃবিভাগ (Indoor Game and Outdoor Game) খেল খেলি মানুহে শাৰীৰিক সুস্থতা, মানসিক প্ৰফুল্লতা আৰু মস্তিষ্কৰ বৌদ্ধিকতাক অটুট ৰাখি এক সুন্দৰ মানৱ জীৱন যাপন কৰিব পাৰে। ক্ৰীড়াই সমাজত ভিন্ন জনৰ মাজত সামাজিক ঐক্য আৰু সংগতি সাধন কৰি সামাজিক প্ৰগতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

মিচিং জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়ন সাধন কৰিবলৈ সৰ্বতোপ্ৰকাৰে অহোপুৰুষাৰ্থ কৰি আহিছে Takam Mising Porin Kébang (TMPK)-এ প্ৰতিষ্ঠা কালৰে পৰা। ৩০ অক্টোবৰ ১৯৭২ চনত গৃহীত কৰা TMPK-ৰ সংবিধানত মিচিং জনগোষ্ঠীক সময়ৰ লগত খাপ খোৱাকৈ সকলো দিশত উন্নয়ন সাধন কৰি এক সুন্দৰ প্ৰগতিশীল মিচিং সমাজ গঢ়াৰ প্ৰতিশ্ৰুতি তথা সংকল্প গ্ৰহণ কৰা হৈছে। তাৰ ফলশ্ৰুতিতে ২০২৩ বৰ্ষৰ পৰা মিচিং জনগোষ্ঠীৰ নতুন প্ৰজন্ম তথা যুৱক-যুৱতীৰ সুপ্ত প্ৰতিভা আৰু ব্যক্তিত্বক বিশেষকৈ ক্ৰীড়াৰ ক্ষেত্ৰত চিনাক্ত কৰি উৎকৰ্ষ সাধনৰ এক সময়োপযোগি মঞ্চ (platform) দিয়াৰ উদ্দেশ্যেই মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষতাত আৰু TMPK-ৰ উদ্যোগত তথা মিচিং জাতীয় সংগঠনৰ সহযোগত Mising Sports Carnival বিশাল আয়োজনৰ শুভাৰম্ভ কৰে। অৱশ্যে ধেমাজি জিলাৰ জোনাইত শুভাৰম্ভ হোৱা এই Mising Sports Carnival-ৰ নাম আছিল Mising Olympic; কিন্তু কিছুমান বিশেষ অনিবাৰ্য কাৰণবশতঃ ২০২৪ বৰ্ষত গোগামুখত আয়োজিত দ্বিতীয় সংস্কৰণত Mising Sports Carnival নামে সৰ্বসন্মতিক্ৰমে পুনৰ নামকৰণ কৰা হয়। Mising Sports Carnival এক বিশাল ক্ৰীড়াৰ মঞ্চ য'ত বিকশিত কৰা হয় মিচিং অধ্যুষিত অঞ্চল তথা মিচিং স্বায়ত্তশাসিত পৰিষদ (MAC) অন্তৰ্গত সকলো গ্ৰাম্যাঞ্চল আৰু নগৰাঞ্চলৰ যুৱ প্ৰজন্মৰ সুপ্ত ক্ৰীড়াৰ প্ৰতিভাক।


Mising Sports Carnival-ৰ বৌদ্ধিক দৃষ্টি (Vision):

  মানুহৰ এক শাশ্বত প্ৰকৃতি হৈছে কোনো চিন্তা অথবা কামত অহৰহ নিযুক্ত হৈ থকা। স্বাভাৱিকতে মানুহৰ মনে ব্যস্ত হৈ থাকিব বিচাৰে। উচ্চ চিন্তাধাৰাত ব্যস্ত থাকিলে মানুহৰ অচেতন তথা অৱচেতন মনত উন্নত আৰু সংযত আৱেগৰ উন্মেষ হয়। Mising Sports Carnival-ৰ দ্বাৰা TMPK-এ মিচিং জনগোষ্ঠীৰ নতুন প্ৰজন্মক বিশেষকৈ ১০ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সৰ যুৱক-যুৱতীক গ্ৰাম্যাঞ্চলত তথা নগৰাঞ্চলত সুস্থ পৰিৱেশ দি ক্ৰীড়া প্ৰতিভাক চিনাক্ত কৰি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা। ব্যক্তিৰ ৰুচিভেদে প্ৰতিভাৰ প্ৰকৃতি ভিন্ন ভিন্ন হোৱা পৰিলক্ষিত হয়। আধুনিক চিন্তাধাৰা আৰু বস্তুনিষ্ঠ বিশ্লেষণ তথা ইতিবাচক দৃষ্টিভংগীৰে সুপ্ত প্ৰতিভাক চিনাক্ত কৰি বিকশিত কৰিবলৈ নীচ ইতৰ মনোবৃত্তি পৰিত্যাগ, সকলো প্ৰকাৰৰ নিচা জাতীয় তথা মাদক দ্ৰব্য সেৱন বন্ধ অপৰিহাৰ্য। 

  TMPK-এ মিচিং স্পৰ্টছ কাৰ্নিভেলত the International Olympic Committee (IOC) আৰু Sports Authority of India (SAI)-ৰ নীতি-নিৰ্দেশনা (Regulations)-ৰে ক্ৰীড়াৰ সকলোবোৰ খেল যেনে ভলীবল, কাবাডী বেটমেন্টন, ফুটবল ইত্যাদি খেল পৰিচালনা কৰিবলৈ প্ৰয়াস কৰে যাতে মিচিং জনগোষ্ঠীৰ নতুন প্ৰজন্মই ক্ৰীড়া ক্ষেত্ৰত নিজক প্ৰতিষ্ঠা কৰিব পাৰে। 

   Mising Sports Carnival-ৰ অন্যতম নীতি হৈছে সমাজৰ প্ৰগতিৰ অৰ্থে সামাজিক সজাগতা, বৌদ্ধিক পৰিপক্কতা, যৌক্তিক চিন্তাধাৰা, প্ৰাকৃতিক ভাৰসাম্যতা অটুট ৰখা আৰু ভিন্ন প্ৰকৃতিৰ মানুহৰ মাজত সমন্বয়ৰ সাধন কৰি ঐক্য-সম্প্ৰীতিৰ এনাজৰীক অধিক মজবুত কৰাটো। জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ বিশ্বব্ৰহ্মাণ্ডত সুন্দৰ প্ৰগতিশীল জীৱন যাপনৰ কৰিবলৈ সকলো দেহধাৰী জীৱাত্মাৰ মাজত সহাৱস্থান অৱশ্যম্ভাৱী আৰু এই বাৰ্তা Mascot-ৰ ভিন্ন প্ৰতীক আৰু সময়োপযোগি Theme song-ৰে সমাজৰ সকলোৰে মাজলৈ কঢ়িয়াই নিয়া। Mising Sports Carnival-ৰ দৃষ্টিক নিম্নোক্ত পংক্তিৰে ব্যক্ত কৰিব পাৰি -


যুৱ শক্তি মহান শক্তি 

যুৱক যুৱতী নৱ জাগৰণৰ জ্যোতি 

গাঁওৰ সৰ্বাংগীন উন্নয়নৰ ভেঁটি।

নৱ প্ৰজন্মৰ সঠিক পথৰ গতি 

মানৱতাৰ উৎকৰ্ষতাৰ মতি 

Takam Mising Kébang-ৰ 

আছে বহু ইতিবাচক প্ৰগতিশীল দৃষ্টি।

জাগিব লাগিব, জগাব লাগিব 

মনুষ্যৰ সুপ্ত প্ৰতিভা তথা ব্যক্তিত্বক

গুণগত শিক্ষাৰ জ্ঞানৰ আলোকেৰে 

আলোকিত কৰিব মিচিং অধ্যুষিত গ্ৰামাঞ্চল 

কুসংস্কাৰ আৰু অন্ধবিশ্বাস নিৰ্মূল কৰি 

কৰিব আধুনিক সভ্যতাৰ জয় যাত্ৰা মিচিং সমাজত....

Takam Mising Kébang-এ কৰিব 

দূৰ জুৱা খেল, মাদক দ্ৰব্যৰ সেৱন 

নিচাসক্ত নীচ মানসিকতা যুৱ সমাজৰ

কৰিব সাধন মানৱ সমাজৰ সামগ্ৰিক প্ৰগতি...

হে যুৱ শক্তি,

উঠক! জাগক! লক্ষ্যস্থান 

নোপোৱা পৰ্যন্ত নৰ'ব থমকি।

তোমাৰ আলোক যাত্ৰাৰ 

সদা সহযাত্ৰী TMPK.


Mising Sports Carnival-ৰ লক্ষ্য (Mission):

  মানৱ সম্পদ (Human Resource) হৈছে সভ্যতা-সংস্কৃতিৰ উৎকৃষ্ট সম্পদ। ক্ৰীড়া ক্ষেত্ৰত মিচিং জনগোষ্ঠীৰ নতুন প্ৰজন্মক মানৱ সম্পদ হিচাপে প্ৰতিষ্ঠা কৰাটো হৈছে Mising Sports Carnival-ৰ লক্ষ্য। মানৱ সম্পদৰ বাবে কেৱল শাৰীৰিক সুস্থতাই যথেষ্ট নহয়; ইয়াৰ বাবে গুণগত শৈক্ষিক দক্ষতা, বৌদ্ধিক সজাগতা, যৌক্তিক চিন্তাধাৰাৰো উৎকৰ্ষ সাধনৰ আৱশ্যক। সেয়েই TMPK-এ ১৮ বছৰৰ অনুৰ্দ্ধ যুৱক-যুৱতীক গুণগত শিক্ষাৰ লগতে ক্ৰীড়া প্ৰতিভাক বিকশিত কৰিবলৈ প্ৰয়াস কৰিছে। কিয়নো এই কালছোৱা হৈছে জীৱন গঢ়াৰ গুৰুত্বপূৰ্ণ সময় আৰু এই কালছোৱাৰ সম্ভাব্য প্ৰতিভা আৰু ব্যক্তিত্বক কৰ্ষণ কৰি প্ৰজ্বলিত কৰাটো Mising Sports Carnival-ৰ উদ্দেশ্য।

   ক্ৰীড়া প্ৰতিভাৰে প্ৰতিভাৱান নতুন প্ৰজন্মক সঠিক পথ প্ৰদৰ্শনেৰে ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চৰ প্ৰতিযোগিতাবোৰত অৱতীৰ্ণ কৰাই জাতি তথা অসম ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ অহৰহ প্ৰয়াস কৰাটো হৈছে মিচিং ক্ৰীড়া মহোৎসৱৰ আন এক অন্যতম লক্ষ্য। Olympic-ৰ দৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ মঞ্চত ভিন্ন খেল যেনে ভলীবল, কাবাডী, বে়ডমিন্টন, আৰ্চাৰী, সাঁতোৰ ইত্যাদি খেলৰ প্ৰতিযোগিতাবোৰত আৰু Athletics-ৰ ভিন্ন প্ৰতিযোগিতাবোৰত অংশগ্ৰহণ কৰি সুকৃৰ্তত্ব অৰ্জন কৰিবলৈ মিচিং জনগোষ্ঠীৰ নতুন প্ৰজন্মৰ মাজত ক্ৰীড়া বীজ (Seed) ৰোপণৰ এক উপযুক্ত পৰিৱেশ মিচিং অধ্যুষিত অঞ্চলত সৃষ্টি কৰাটো Mising Sports Carnival-ৰ লক্ষ্য। কেৱল ক্ৰীড়া প্ৰতিভা চিনাক্তকৰণ নহয়; নতুন প্ৰজন্মৰ মাজত ক্ৰীড়া প্ৰতিভাৰ বীজ ৰোপণ কৰি লালিত পালিত কৰিলেহেই সমাজলৈ এক ইতিবাচক আমূল পৰিবৰ্তনৰ সম্ভাৱনা আছে আৰু Takam Mising Porin Kébang (TMPK)-এ সদায় প্ৰগতিশীল সৰ্বাংগীন সুন্দৰ মিচিং সমাজ গঢ়াৰ মত পোষণ কৰে।


মিচিং যুৱক-যুৱতীৰ সামগ্ৰিক উত্তৰণত Mising Sports Carnival-ৰ ভূমিকাঃ

   সু-স্বাস্থ্যৰ গৰাকী হোৱাৰ ক্ষেত্ৰত ক্ৰীড়াই মানুহক অনাদি কালৰ পৰা বিশেষ ভূমিকা লোৱা পৰ্যবেক্ষিত হয়। ৰোগ-ব্যাধিয়ে মানুহক শাৰীৰিক অসুস্থতা, মানসিক অশান্তি আৰু আৰ্থিকভাৱে কোঙা কৰা দেখা যায়। অতি আশাপ্ৰদ কথাটো হ'ল যে, ক্ৰীড়াই মানুহক শাৰীৰিক, মানসিক আৰু বৌদ্ধিক সুস্থতা প্ৰদান কৰিবলৈ সক্ষম আৰু মানুহক আৰ্থিকভাৱেও আত্মনিৰ্ভৰশীলতা কৰি তোলে। সুশৃংখল আৰু সুসংহত জীৱন যাপনত ক্ৰীড়াই মানুহৰ মাজত এক সুস্থ সবল সামাজিক মানসিকতা গঢ়ি তোলে। সাধাৰণতে, ক্ৰীড়াৰ দুটা ভাগ থকা দেখা যায় -  Indoor Game and Outdoor Game. উভয় ক্ৰীড়াই মানুহৰ মাজত ভাতৃত্ববোধ, পাৰস্পৰিক সদ্ভাৱ আৰু সুস্থ সামাজিক ভাৱাৱেগ সৃষ্টি কৰি মানৱ সভ্যতা-সংস্কৃতিৰ উত্তৰণত বিশেষ অৱদান আগবঢ়াই আহিছে।  

   TMPK-ৰ উদ্যোগত আয়োজিত Mising Sports Carnival-এ উঠি অহা যুৱক-যুৱতীৰ সামগ্ৰিক উত্তৰণ সাধনত আৰু গ্ৰামাঞ্চলৰ সামগ্ৰিক উন্নয়নত বিশেষ ভূমিকা পালন কৰিছে। Mising Sports Carnival-ক পৰ্যালোচনা কৰিলে নিম্নোল্লেখিত দিশবোৰত সমাজৰ সৰ্বাধিক উন্নয়নত বিশেষ ভূমিকা পালন কৰা পৰিলক্ষিত হয়  ––

  ১) গ্ৰামাঞ্চলৰ যুৱক-যুৱতীৰ শাৰীৰিক সুস্থতা অৰ্থাৎ কোনো মাৰাত্মক ৰোগ-ব্যাধিৰ  পৰা আত্মৰক্ষা কৰাৰ ক্ষেত্ৰত Mising Sports Carnival-এ বিশেষ ভূমিকা পালন কৰিছে। কিয়নো খেলৰ অনুশীলনৰ সময়ত দেহৰ বহু অপ্ৰয়োজনীয় তথা দেহৰ বাবে ক্ষতিকাৰক পদাৰ্থ ঘামৰ লগত বাহিৰ হয় আৰু ৰক্ত চলাচল (Blood Circulation)- ত বহুতো ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰি ৰক্ত বিশুদ্ধতা আৰু দেহ-মনৰ কাৰ্য সক্ষমতাত বিশেষকৈ Athletics-ৰ অন্তৰ্গত ভিন্ন প্ৰতিযোগিতামূলক  খেলৰ অনুশীলনে সহায় কৰে।

  ২) ক্ৰীড়াই যুৱক-যুৱতীৰ মাজত ভাতৃত্ববোধ, পাৰস্পৰিক সদ্ভাৱ, দলগত মনোবৃত্তি (Team Spirit) আৰু সামাজিক মূল্যবোধ জগায় তুলি একতাৰ এনাজৰীৰে একত্ৰিত হৈ গাঁওৰ সুস্থ তথা মানৱতাৰ উৎকৰ্ষ সাধনৰ অনুকূল বাতাবৰণ সৃষ্টি কৰে।

   ৩) শৈক্ষিক ক্ষেত্ৰত গুণগত শিক্ষাৰে কৰ্ম সংস্থাপন হোৱাত ক্ৰীড়া অনুশীলনে বিশেষ ভূমিকা পালন কৰে। কিয়নো ক্ৰীড়াৰ আভ্যন্তৰীণ খেল আৰু বহিঃবিভাগ (Outdoor and Indoor) উভয় খেলতে সফলতা পাবৰ বাবে মনৰ সংযমতা, অধ্যৱসায়, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, বুদ্ধিৰ বিচক্ষণতা, একাণপনীয়া মনোযোগ আৰু সুঠাম নিৰোগী তথা সু-স্বাস্থ্য দেহ অপৰিহাৰ্য। গুণগত শিক্ষাৰ প্ৰসাৰৰ ফলত গ্ৰামাঞ্চলত বৰ্তি থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ অন্ত পৰিব আৰু ইয়াৰ পৰিবৰ্তে মানৱ চেতনাত সুস্থ সবল বিচাৰযুক্ত বিবেক, যৌক্তিক সক্ষমতা আৰু বৈজ্ঞানিক মানসিকতা সম্পন্ন দৃঢ় বিশ্বাসৰ উদয় হয়। 

   ৪) সুস্থ সামাজিক মূল্যবোধ উপলব্ধি আৰু চাৰিওফালৰ ওচৰ-চুবুৰীয়া গাঁৱবোৰৰ মাজত সম্প্ৰীতি আৰু মধুৰ সম্পৰ্ক স্থাপনত Mising Sports Carnival-এ বিশেষ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে। কিয়নো ক্ৰীড়াৰ সুনিৰ্দিষ্ট নীতি-নিয়ম(Rules and Regulations)-ৰ দ্বাৰা একাধিক ফুটবল দল, কাবাডী দল, ভলীবল দল ইত্যাদি খেলুৱৈ দলে অংশগ্ৰহণ কৰি ক্ৰীড়া মঞ্চৰ যোগেদি নিজ নিজ গাঁও, অঞ্চল তথা জিলাৰ মৰ্যাদা আৰু সুনাম অটুট ৰখাৰ প্ৰয়াস কৰা পৰিলক্ষিত হয়। 

    ৫) ক্ৰীড়াই শাৰীৰিক সুস্থতা আৰু বৌদ্ধিক পৰিপক্কতা দিয়াৰ লগতে মানুহৰ মাজত সংস্কৃতিৱান মনোভাৱ সৃষ্টি কৰে আৰু সকলো পৰ্যায়ৰ মানুহৰ মাজত ঐক্য ভাৱেৰে খেল উপভোগ কৰিব পৰা পৰিৱেশ Mising Sports Carnival -এ সৃষ্টি কৰি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে মানুহৰ মাজত আধুনিক সভ্যতাৰ বাণী প্ৰসাৰ কৰিছে।

   ৬) সকলো প্ৰকাৰৰ নিচাজাতীয় দ্ৰব্য সেৱন নিৰ্মূলকৰণত বিশেষ ভূমিকা পালন কৰিছে Mising Sports Carnival-এ। যিসকল যুৱক-যুৱতীয়ে ক্ৰীড়াৰ বহিঃবিভাগৰ বিভিন্ন খেল (Outdoor Game/Athletics)-ত আত্মনিয়োগ কৰে স্বাভাবিকতে নিচাজাতীয় মাদক দ্ৰব্যৰ প্ৰতি বিতৃষ্ণা জাগে। ইয়াৰ ফলত মাদক দ্ৰব্যৰ সেৱন আৰু জুৱাৰ খেলৰ দৰে মাৰাত্মক সামাজিক ব্যাধিবোৰ সমাজত গা কৰি উঠিব নোৱাৰে।


সামৰণিঃ

    নিস্বাৰ্থ প্ৰেমে মানুহৰ মন-মস্তিষ্ক আৰু হৃদয়ত সেৱাৰ ভাৱ নিঃসৃত কৰে। মিচিং জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়নৰ হেতু Mising Sports Carnival-ৰ দৰে বিশাল ক্ৰীড়া মহোৎসৱৰ সফল আয়োজন TMPK-ৰ মিচিং জনজাতিটোৰ উন্নয়ন সাধনত এক যুগান্তকাৰী পদক্ষেপ। সম্ভৱতঃ TMPK-এ একমাত্ৰ ছাত্ৰ সংগঠন, যিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ অসম ভূমিত নিজ জনজাতীয় জনগোষ্ঠীক সৰ্বতোপ্ৰকাৰে সকলো ক্ষেত্ৰত যেনে আৰ্থ-সামাজিক, শৈক্ষিক, ভাষা-সাহিত্য, সংস্কৃতি, পৰম্পৰাগত লোকাচাৰ, সংগীত, স্থাপত্য শিল্প, কৃষি, প্ৰশাসনিক, ক্ৰীড়া আৰু সাংবিধানিক অধিকাৰ তথা ৰাজনৈতিক ইত্যাদি বিশেযকৈ শৈক্ষিক তথা ক্ৰীড়া ক্ষেত্ৰত সৰ্বাংগীন উন্নয়নৰ হকে অহৰহ অহোপুৰুষাৰ্থ কৰিছে আৰু বৃহত্তৰ মানৱ সমাজলৈ মূল্যৱান মানৱ সম্পদ আগবঢ়াইছে। 

    অগণন প্ৰতিকূল প্ৰত্যাহ্বান (Challenge) অক্লান্ত সংগ্ৰামী সত্ত্বাৰ অবিচ্ছেদ্য অংগ। Challenge-ক ইতিবাচক দৃষ্টিভংগীৰে সঁহাৰি জনাই সময়োপযোগি চিন্তাধাৰাৰ বস্তুনিষ্ঠ বিশ্লেষণে জীৱনক মহীয়ান কৰে। এই কথা সাৰ্বজনীন যে বিশ্বৰ বুকুত নিজৰ নাম সোণোৱালী আখৰেৰে লিপিবদ্ধ কৰিব পৰা মহান মনীষীসকলেও অগণন প্ৰতিকূল তথা বাধা-বিঘিনীৰ সন্মুখীন হৈছিল আৰু এইবোৰক সাহসেৰে সন্মুখীন হৈ অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল। বৰেন্য মনীষীৰ জীৱনবৃত্তান্তই সত্যতাক শুদ্ধচিত্তে হৃদয়াঙ্গম কৰিবলৈ সদায় উৎসাহিত কৰে। তেনে দৃষ্টিভংগীৰে আজি মিচিং জাতীয় সংগঠনৰ অক্লান্ত সংগ্ৰামী সত্ত্বা ধাৱমান আৰু এই গতিৰ ক্ৰমবিকাশত অনাগত দিনত Mising Sports Carnival-ৰ দৰে আৰু বহু যুগান্তকাৰী যৌক্তিক চিন্তাধাৰাৰ গতি নিশ্চিতভাৱে প্ৰবাহিত হ'ব।

Mising Sports Carnival হৈছে মিচিং জনগোষ্ঠীয় সমাজত প্ৰচলিত এলান্ধুকলীয়া পৰম্পৰা, অন্ধবিশ্বাস, কুসংস্কাৰ, জুৱা খেল, মাৰাত্মক ড্ৰাগছ, নিচা জাতীয় দ্ৰব্য তথা মাদক দ্ৰব্য সেৱন বিৰুদ্ধে আৰু সংকীৰ্ণ তথা অসামাজিক মানসিকতাৰ বিৰুদ্ধে আধুনিক চিন্তাধাৰাৰে এক বৌদ্ধিক অভিযান। এই ক্ৰীড়ামূলক বৌদ্ধিক অভিযানে বহু নতুন প্ৰজন্মৰ হৃদয়ত আশাৰ সঞ্চাৰ কৰিছে আৰু বিশ্ব বিজয়ৰ সপোন আগত ৰাখি নিৰলস সাধনাৰ পথত অগ্ৰসৰ হোৱাৰ পথ প্ৰশস্ত কৰিব!!


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages