মৃত্যুৰ পূৰ্বে
সংগ্ৰামী নাৰী মিনু হাজৰিকা
গোৱালপাৰা
মৃত্যুৰ পুৰ্বে জুবিন গাৰ্গ ডাঙৰীয়াই আৰ্তজনৰ কাষত কৰ্ণ হৈ ঠিয় দিছিল। কোনো হিচাপ কৰি আমাৰ হিয়াৰ নিভৃতত থকাজনে কাকো একো দিয়া নাছিল। পকেটৰ পৰা খামোচ মাৰি টকা দিয়াটো আছিল তেওঁৰ স্বভাৱ। কাক কাক ক’ত ক’ত কেনেধৰণে সহায় কৰিছিল জীয়াই থাকোতে তেওঁ জনাই নাছিল। যাৰ বাবে তেওঁক বহুতো লোকে তেওঁৰ সৰলতাক দুৰ্বলতা বুলি ভাবি ফাকি দিয়া মানুহৰো কম নাছিল। কোনোবাই হাজাৰ কোনোবাই লাখ আৰু কোনোবাই কৌটিৰ শাৰিটো তেওঁক কেৱল ঠগি আহিছিল। আজিও তেওঁক বহুতে ঠগিয়েই আছে কন্টেটৰ নামত ভিডিঅ’ আপলোড কৰি ভিউজ আদিৰ আশাত। কাৰণ আজিৰ তাৰিখত জুবিন দাৰ যি কোনো এটা ভিডিঅ’ আপলোড কৰিলেই দহ মিনিটত এশৰ ওপৰত ভিউজ দেখা পোৱা যায়। বাকী লাইক কমেণ্টবোৰ যেনিবা নধৰিলোয়েই। তেওঁৰ জন্মদিনৰ বাবে য’তেই নহওক অনুৰাগী সকলে জন্ম দিনৰ বাবে অনুস্তুুপিয়াকৈ হ’লেও সভা পাতি তেওঁক শ্ৰদ্ধা জনাইছে। কোনেও জোৰ জবস্তি কৰি কৰোৱা নাই। মানুহবোৰে আন্তৰিকতাৰে তেওঁৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰি তেওঁৰ জন্ম দিনক এক উৎসৱৰ লেখিয়াকৈ পাতিছে।
ইয়াৰ বাবে কাকো কোনেও হেচা প্ৰয়োগ কৰিব লগা হোৱা নাই। স্বতঃস্ফূৰ্ত ভাৱে আমি কাৰো বাবে একোয়েই নাপাতো। কিন্তু জুবিনদাৰ ক্ষেত্ৰত ই একেবাৰে অনন্য। আজিৰ তাৰিখলৈকে হাটেঘাটে, সভাইসমিতিয়ে গাড়ীয়ে মটৰে কেৱল তেওঁৰেই গীত কাণত বাজিয়েই আছে। মনৰ কোনোবা কোণত সকলোৱে তেওঁক জীৱন্ত কৰি ৰাখিছে। সভ্যই সভ্যতাৰে আৰু অসভ্যই ৰাজনীতিৰ মাজতো তেওঁকেই দৃষ্টিকটু ভাৱেৰে কেৱল টানিছেহে টানিছে। এতিয়া নাহৰৰ বাহিৰে কোনোয়েইতো বেলেগ গছপুলি ৰোপন কৰা পৰিলক্ষিত হোৱা নাই। এয়া যেন সেউজ বিপ্লৱৰ আন এটা সংকেত। সোনাপুৰৰ জুবিনক্ষেত্ৰ আজিও তীৰ্থস্থান। জীয়াই থাকোতে সহায়ৰ হাত আগবঢ়োৱা এই মহান শিল্পী জনাই মৃত্যুৰ পিছতো মানুহক কেৱল সহায় সহায় আৰু মাত্ৰ সহায়ৰ হাত আগবঢ়াই নিছে। যাৰ প্ৰমাণ স্বৰূপে সোনাপুৰৰ হাইৱেৰ কাষত থকা দোকান পোহাৰ, হোটেল আৰু পূজাৰ সামগ্ৰীৰ দোকানৰ লানি দেখিলেই গম পোৱা যায়।
ঈশ্বৰৰ দূত, ঈশ্বৰ পুত্ৰ আৰু কতনা বিশেষ বিশেষণেৰে তেওঁক অলংকৃত কৰা মানে কি সূচায় তাক জনাইহে জানিব আৰু বুজিব। জুবিন গাৰ্গ এটা নাম মাত্ৰ নহয়। তেওঁ হ’ল এটা অনুষ্ঠান। মায়াবিনী আজি আৰু গীত হৈ ৰৈ যোৱা নাই। জুবিন ধৰ্মীৰ বাবে ই আজি এটি প্ৰাৰ্থনাৰ শ্লোক স্বৰূপ। আবাৰ বৃদ্ধ বনিতাৰ মুখেমুখে কেৱল মায়াবিনী মায়াবিনী মায়াবিনী। সন্মান যাচিবলৈ ফুল মমৰ দৰকাৰ নাই। তেওঁৰ যিকোনো এটি গীতৰ কলি আওৰালে যেন এক বিৰল শ্ৰদ্ধাৰ শৰাই। জুবিন দা প্ৰতিজন অসমীয়াৰ বুকুৰ আজি স্পন্দন। তেওঁ জীয়াই আছে আমাৰ বুকুত। জুবিন দা অমৰ হৈ ৰ’ল বুলি আৰু ক’লে বঢ়াই কোৱা নহ’ব। দুখৰ বিষয় যে আমি মানুহৰ মৃত্যুৰ পিছতহে তেওঁৰ ভাল কৰ্মৰাজীবোৰ দেখা পাওঁ আৰু জীৱন্তে কেৱল কৰো সমালোচনা। তাকো বিয়োগাত্মক !
আমি মানুহক মৃত্যুৰ পিছতহে মূল্যাংকন কৰোঁ। কিয় ? এদিন এটা গ্ৰুপত এই বিষয়ে মই লিখিছিলোঁ’ জীয়াই থকা মানুহজন বা মানুহজনীৰ জন্মদিনৰ শুভেচ্ছাবোৰ দিলিট কৰি দিয়ে কিন্তু মৃত্যুৰ শ্ৰদ্ধাঞ্জলিৰে ভৰাই দিয়ে। তেওঁ এনে আছিল, তেনে আছিল। সেই কথাবোৰ জীয়াই থাকোতে কিয় প্ৰকাশ নকৰে ? কিয় আমি এজনে এজনৰ প্ৰশংসা কৰিব নোৱাৰোঁ ? কিয় ইমান হিংসা ? কি লাভ হিংসা কৰি ? হিংসা, বিদ্বেষ, কপটতাৰে ভৰা মানুহৰ মনবোৰ। হিংসা কৰিবলৈ এগৰাকী আপাহীজকো বাদ নিদিয়ে… এই পৃথিৱীৰ লোকে।
জুবিন আৰু দ্বিতীয় কোনো হ’ব নোৱাৰে।
Doksiri দকচিৰি, ডিছেম্বৰ, ২০২৫

No comments:
Post a Comment