কুকুৰ
জিতেন নৰহ
(বিশিষ্ট কবি শ্ৰদ্ধাৰ অমূল্য বৰুৱা দেৱলৈ ক্ষমা প্ৰাৰ্থনাৰে)
কুকুৰক কোৱা হয় প্ৰভুভক্ত।
কুকুৰে নাজানে প্ৰভুৰ দোষ কিম্বা গুণ।
কোনোবাই হাত দিলে প্ৰভুক ৰক্ষা কৰিবলৈ
জপিয়াই পৰে তাৰ ওপৰত।
বিনিময়ত খাবলৈ প্ৰভুৱে যি দিয়ে।
প্ৰভু যিমানেই হাত দীঘল
সিহঁত সিমানেই চিকুন।
খাই নোদোকা হোৱা এনে কুকুৰবোৰে
প্ৰভুৰ ওচৰত নেজ পেলাই
ভৰিত পৰি লেউসেউ হয়।
সিহঁত আপোনপেটীয়া;
ভৌ ভৌ কৰি নিজৰ জাতিৰ কথা কয়।
কিন্তু খাবৰ বেলিকা
নিজৰ পেটটোহে চিনি পায়।
সিহঁত ঘৰত থাকে।
প্ৰভুৰ ঘৰত।
প্ৰভুৰ কৃপা পালে
এ চি গাড়ীত ঘূৰিবলৈ পায়।
পুৱা-গধুলি মুক্ত অম্লজান লবলৈ
প্ৰভুৰ সৈতে মৰ্ণিং ৱাক, ইভিনিং ৱাকত যায়।
ৰাতি ৰাতি ডিউটিৰ নামত ভৌ ভৌ কৰে।
দিনত ফষ্টি মাৰি শোৱে।
সিহঁত প্ৰভুৰ আভিজাত্যৰ প্ৰতীক।
আন এবিধ কুকুৰ আছে
যি নিজেই নিজৰ প্ৰভু।
সিহঁতে গোট বান্ধি চিকাৰ কৰে
যিমানেই কষ্ট নহওক।
চিকাৰ কৰি পোৱা মাংস
সকলোৱে ভগাই খায়।আৰু
স্বাধীন ভাবে জীয়াই থাকে।
সিহঁত ঘৰত নাথাকে;
বনত থাকে।
সিহঁতৰ নাম ৰাং কুকুৰ।
(অমূল্য বৰুৱা দেৱৰ আৰু এদল কুকুৰৰ কথা নকলোৱেইবা)
যি নিজকে ছছিয়েলিষ্ট বা লেফ্টিষ্ট বুলি কয়
আৰু আৰ্তজনৰ সহায় কৰে,
স্বাৰ্থত আঘাত পালে তেনে মানুহবোৰক কামোৰিবলৈ আজি কালি হাত দীঘল মানুহবোৰে এবিধ কুকুৰ পোহে।
ছছিয়েল মিডিয়াত নেজহীন এনে কুকুৰবোৰে বহুত কামুৰ দিয়ে। জাতি, বৰ্ণ, ধৰ্ম, চৰিত্ৰকে ধৰি
চৌধ্য গোষ্ঠী উগাৰি গালি দিয়ে।
পাৰিলে কামুৰি ফালি-চিৰিহে দিব।
সিহঁতৰ অন্য কাম নাই।
সিহঁতৰ এটাই কাম
প্ৰভুৰ গুণ গৰিমা বখনা।
আৰু প্ৰতিপক্ষক ধৰাশায়ী কৰা।
হাত দীঘল মানুহবোৰে
এনে ছছিয়েলিষ্ট লোক সকলক ভয় কৰে।
কিজানিবা কাঢ়ি নিয়ে
তেওঁলোকৰ হাতৰ বাঘ-জৰী।
এয়ে “সাম-দাম-দণ্ড-ভেদ” চাণক্য নীতিৰে
তেওঁলোকক বশ কৰাৰ চেষ্টা কৰে।
বহু মুখাধাৰী ছছিয়েলিষ্টে
এই নীতিত বশীভূত হয়।
যি দুই-একে ইয়াৰ পৰিধি ভাঙি
নিজা সাম্ৰাজ্য গঢ়ি তোলে
তেওঁলোক মৃত্যুৰ পাছতো জিলিকি ৰয়
ভোটাতৰাটোৰ দৰে।
Doksiri দকচিৰি, ডিছেম্বৰ, ২০২৫


No comments:
Post a Comment