সৰিয়হ ফুলাৰ বতৰ আৰু কাব্যনীল যোগেন টাইড দেৱ
অমিয় কুমাৰ চিৰাং
মাজুলী
বালিচ’ৰত সোনালী বৰণৰ চাকৈ চকুৱা কেইবাযোৰাও চৰিছে। অস্তাচলত বিদায় ক্ষনৰ ৰঙীন সুৰুযে অইনিঃতমৰ দীঘলীয়া তান এটাৰে সৈতে নীলাচলক শেষ চুম্বন যাচিছে। সোৱনশিৰিৰ দুয়োপাৰ বৰ্ণময়ী হৈ উঠিছে; শব্দৰ অবোধ্য প্ৰেম আৰু নৈ গড়াত থেকা খাই মায়াময়ী হৈ উঠিছে কাবান সুৰীয়া প্ৰতিধবনি। বহু মিচিং মহিলা মূৰত এপোলাকৈ শুকান খৰি, হাতত হাত দা লৈ পথৰুৱা ৰাস্তাইদি ৰাজহাঁহ খোজেৰে ঘৰলৈ উভতিছে। সুদূৰত গৰখীয়া বাঁহীৰ প্ৰেমাষ্পদ তা ৰি ৰি তি ৰি ৰি মাত। জিলমিল জোনাকত অইনি:তমৰ দেশ ঘূনাসূঁতিৰ আকাশত নিবস্ত্ৰ ডাৱৰৰ নিষ্পাপ আলিঙ্গন। মোৰ মন গহবৰত বাজি উঠে বা:বুৰুন (তুম্ব তাপুঙ)ৰ সুগভীৰ সুৰৰ মায়াৱী মূৰ্চ্চনা। তেনে সান্ধ্য পলতেই ৰিনি ৰিনি কৈ মনত পৰে সৰিয়হ ফুলীয়া কাব্যনীল যোগেন টাইড দাদাৰ বাঙ্ময় শব্দৰ আয়োজন। মোৰ আজন্ম সাধনাৰ প্ৰেমবিলাসী জীৱন চৰ্যা চৰিতাৰ্থ হয় কবিতাৰ সপ্তৰঙী সপোন পুৰিত। যোগেন দাদাই এবছৰ নহয় চাৰিটা বছৰ মোক ইতিহাস বন্দিত ঘূনাসূতিত গান গাবলৈ নিমন্ত্ৰণ জনাইছিল; হয় বালিচ’ৰ ত নহয় ভূপেন হাজৰীকা স্মৃতি দিৱসত। যথেষ্ট হৃদয় স্পৰ্শি অনুষ্ঠান। নিজে আঁত ধৰে, মাজে মাজে শ্ৰীযুত চন্দ্ৰ কান্ত টাইডদেৱৰ বলিষ্ঠ সহযোগ। কি যে মনোমোহা গীত আৰু কবিতাৰ মিচিল ! কেতিয়াবা য়েচে দৰ্জি থংচি কেতিয়াবা ইন্দ্ৰেশ্বৰ পেগু আকৌ কেতিয়াবা মুহিৰাম পেগুৰ ডাইলগ কেতিয়াবা গায়ত্ৰী দলেৰ নাটকীয় কথা বিথিকা। আৰু বহুত… । নিশা যথেষ্ট নিৰৱ। বহু দূৰত শুনো অনামি পক্ষীৰ চিনাকী গান। জয়াল ৰাতি নিয়ৰৰ ৰিডামিক সংগীতত অসংখ্য ফৰিঙৰ ভ’কেল। বহু কবিতাই সাৰে আছে।


No comments:
Post a Comment